উপ-নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে
২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ’২৬ৰ বিধানসভা নিৰ্বাচন হ’ব বিজেপিৰ বাবে ফাইনেল! কিন্তু, তাৰে পূৰ্বে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন, পঞ্চায়ত আৰু BTRৰ নিৰ্বাচন। ২০২৫ বৰ্ষত অনুষ্ঠিতব্য BTR নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে এতিয়া একশ্য়ন মুডত বিজেপি। ছেপ্টেম্বৰত দেশৰ ৩৯টা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।
অসমৰো পাঁচ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে তুংগত কৰি তুলিছে প্ৰস্তুতি। ৪ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’ব বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক। তাতেই প্ৰস্তুত কৰা হ’ব উপ-নিৰ্বাচনৰ ৰূপৰেখা। তাৰ পাছতে বিহালী, চামগুৰি আৰু ধলাই সমষ্টিৰ প্ৰাৰ্থীতালিকা চূড়ান্ত কৰা সন্দৰ্ভত ৰাজ্যিক নেতৃত্ব হ’ব আলোচনা। পাঁচ সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ দাবী সভাপতি ভৱেশ কলিতাৰ।