দিল্লীত মূষলধাৰ বৰষুণত নলাত উটি গ’ল মাতৃ-কণমানি পুত্ৰ

0 1,251

বৰষুণৰ ফলত দেশৰ ৰাজধানী দিল্লীত দুজন লোক আহত হয়, যাৰ ফলত যান-বাহনৰ ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয়। পথত বানপানী হোৱাৰ ফলত ৰাজপথত নদীসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় আৰু পথত শতাধিক লোক আৱদ্ধ হৈ পৰে।

দিল্লীৰ গাজীপুৰত পানীৰে ভৰা নলাত এগৰাকী ২২ বছৰীয়া মহিলা আৰু তেওঁৰ সন্তানকে ধৰি দুজন লোক উটি যায়

দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে বুধবাৰে নিশা ঘোষণা কৰে যে বৃহস্পতিবাৰে দিল্লী মহানগৰীত সকলো বিদ্যালয় বন্ধ থাকিব। ‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত শিক্ষামন্ত্ৰী আতিশীয়ে কয় যে বুধবাৰে সন্ধিয়া অতি প্ৰচণ্ড বৰষুণ আৰু বৃহস্পতিবাৰে ​​প্ৰচণ্ড বৰষুণৰ আগজাননীৰ বাবে ১ আগষ্টত চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় বন্ধ থাকিব।

‘অহা দুঘণ্টাত উত্তৰ দিল্লী, মধ্য-দিল্লী, নতুন দিল্লী, দক্ষিণ দিল্লী, দক্ষিণ-পূব দিল্লী, পূব দিল্লী, এনচিআৰত মধ্যমীয়া বৰষুণৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।’-আইএমডিয়ে কয়। বতৰ বিভাগৰ তথ্য অনুসৰি অহা ৫ আগষ্টলৈকে বৰষুণৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে

ধাৰাসাৰ বৰষুণৰ ফলত বিমান সংস্থাসমূহৰ বিমান সেৱাত ব্যাঘাত জন্মিছে, য’ত স্পিকজেট আৰু ইণ্ডিগ’ই বিমান পলম হোৱাৰ বাবে নীতি-নিৰ্দেশনা আৰু পৰামৰ্শ জাৰি কৰিছে।

Leave A Reply

Your email address will not be published.