নগাঁও জিলাৰ বঢ়মপুৰ বেজৰগাঁৱত এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মাধৱী বেজবৰুৱা

0 5,578

নগাঁও জিলাৰ বঢ়মপুৰ বেজৰগাঁৱত ৭৬ বছৰীয়া এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। মৃত মহিলাগৰাকীৰ নাম মাধৱী বেজবৰুৱা।

উল্লেখ্য যে, যোৱা এটা সপ্তাহে এই মহিলাগৰাকী গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছিল। কিন্তু শেহতীয়াকৈ তেওঁক চিকিৎসালয়ৰ পৰা স্বগৃহলৈ লৈ অহাৰ পিছত ঘৰতেই তেওঁৰ মৃত্যু হয়।

মহিলাগৰাকীৰ এইদৰে মৃত্যু হোৱা ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। সমান্তৰালকৈ অঞ্চলটোৰ লোকসকল জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণক লৈ আতংকিত হৈ পৰাও পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.