ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত তিনিটা সোণ, এটা ৰূপৰ পদক লাভ জ্ঞানম হাজৰিকা

0 7,802

অসম সাঁতোৰ সংস্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাইৰ ড০ জাকিৰ হুছেইন জলক্রীড়া প্রকল্পত অনুষ্ঠিত সদ্যসমাপ্ত ৩১ সংখ্যক অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত ১৪ বছৰ অনুৰ্ধ্ব শাখাত পশ্চিম যোৰহাট বৰখঙীয়া গাঁৱৰ জ্ঞানম হাজৰিকাই ক্ৰমে ৫০, ১০০ আৰু ২০০ মিটাৰত সোণৰ পদক আৰু ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

জ্ঞানমে অহা ৬ ৰ পৰা ১১ আগষ্টলৈ ভূবেনেশ্বৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় সাঁতোৰ (SFI) খেলত ৫০ আৰু ১০০ মিটাৰ ব্রেষ্ট ষ্টক খেলাৰ বাবে নিৰ্বাচিত হৈছে। ইয়াৰোপৰি এটা ৰেলী ইভেণ্টৰ বাবেও নিৰ্বাচিত হৈছে ।

তেওঁ বিগত জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছত ৫০ আৰু ১০০ মিটাৰ ব্ৰেষ্ট ষ্টকত চাৰি আৰু পাঁচ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.