মঙলদৈ, বৈঠালাংছ’ত আপৰ কৰ্মকৰ্তা সন্মিলন

0 1,260

২০২৬ চনৰ বাবে দলীয় কৰ্মীক সাজু হ’বলৈ আহ্বান

গুৱাহাটী, ২০ জুলাই – অসমত আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী কৰাৰ বাবে জিলাই জিলাই দলৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিছে ৰাজ্যিক নেতৃত্বই। ইতিমধ্যে দলৰ কাৰ্যনিৰ্বাহক কমিটি ভংগ কৰি নতুন কাৰ্যনিৰ্বাহক গঠনৰ বাবেও তৎপৰতা অব্যাহত ৰাখিছে। ৰাজ্যখনত আপৰ সাংগঠনিক পুনৰগঠনৰ লগতে শক্তিশালী ৰূপত আত্মপ্ৰকাশৰ বাবে সকলো ধৰণৰ পন্থা অৱলম্বন কৰিছে দলীয় নেতৃত্বই। আজি পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ত অনুষ্ঠিত হোৱা কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, দলৰ জ্যেষ্ঠ নেতা অম্লানজ্যোতি হাতীবৰুৱা, ভাস্কৰ জ্যোতি লেখাৰু, টেনজিং কাথাৰ, উইংষ্টাৰ ইংতিৰ উপৰি আন বহুকেইগৰাকী নেতা। সভাত পৰৱৰ্তী নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি পশ্চিম কাৰ্বি আংলং জিলাত দলৰ সদস্য ভৰ্তি অভিযানৰো শুভাৰম্ভ কৰে উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।
ইপিনে, মঙলদৈত অনুষ্ঠিত হয় আম আদমী পাৰ্টিৰ দৰং জিলাৰ কৰ্মকৰ্তা সকলৰ সন্মিলন। দৰং জিলা সাহিত্য সভা ভৱনত আপৰ দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভিন্ন দলৰ পৰা অহা বহুসংখ্যক নেতা- কৰ্মীয়ে আপত যোগদান কৰে। দলীয় কৰ্মী সকলক সম্বোধন কৰি আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্যদ্বয় মামুন ইমদাদুল হক চৌধুৰী আৰু অনুৰূপা ডেকাৰজাই ভাষণ দিয়ে। কৰ্মকৰ্তা সন্মিলনত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে দলৰ কৰ্মী সকলক এতিয়াৰ পৰাই সাজু হ’বলৈ আহ্বান জনায়। কৰ্মী সকলক উদ্দেশ্যি দলৰ নেতা নীলমণি শইকীয়া আৰু আৰতি দেৱীয়েও গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।

Leave A Reply

Your email address will not be published.