চি চি কেমেৰা ভাঙি মটৰ চাইকেলৰ যন্ত্ৰাংশ খুলি নিলে চুৰে নুনমাটিত

0 3,356

নতুন নতুন কৌশল অবলম্বন কৰি চোৰে লিপ্ত হৈছে গাড়ী চুৰি কাৰ্যত।

নমাটি থানাৰ অন্তৰ্গত অসম জাতীয় বিদ্যালয়ৰ সন্মুখৰ সুন্দৰী হোটেলৰ চৌহদত সংঘটিত ঘটনাটো

চোৰে হোটেলৰ চি চি কেমেৰা ভাঙি মটৰ চাইকেলৰ যন্ত্ৰাংশ খুলি নিয়াত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

, জ্যোতিনগৰৰ বাসিন্দা বিপুল মেধি নামৰ লোক এজনে শুকুৰবাৰে নিশা ৯ মান বজাত নিজৰ AS 01 DT 4273 নম্বৰৰ পালচাৰ বাহনৰে নুনমাটি লাষ্টগেট স্থিত সুন্দৰী হোটেললৈ আহে।

যুৱক জনে নিজৰ মটৰ চাইকেল খন হোটেলৰ চৌহদত পাৰ্কিং কৰি হোটেলৰ ১০২ নং কোঠাত আশ্ৰয় গ্ৰহণ কৰে।

পুৱা শুৱা পাতিৰ পৰা উঠি যুৱক জনে মটৰ চাইকেল খনৰ চকা, বেটাৰি, চিত আদি বহু যন্ত্ৰাংশ নোহোৱা অৱস্থাত প্ৰত্যক্ষ কৰে।

ঘটনা সন্দৰ্ভত যুৱক জনে নুনমাটি থানাত খবৰ দিয়ে।

আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.