ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত ড০ দয়ানন্দ শ্বাহক উষ্ণ আদৰণি দল-সংগঠনৰ

0 1,020

সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহক আজি বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ দিল্লীত সন্মানীয় ডক্টৰেট লাভ কৰি আজি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমান বিন্দৰত ড০ শ্বাহক বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোট, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতি, অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰতিনিধিয়ে ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উষ্ণ আদৰণি জনায় ড০ দয়ানন্দ শ্বাহক৷

উল্লেখ্য যে, ১৬ জুলাইত দিল্লী এনচিআৰৰ কুণ্ডিলৰ প্ৰখ্যাত সংস্থা ভক-ভাৰ্চিটিয়ে ড০ দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল৷ ড০ দয়ানন্দ শ্বাহে কৰি অহা সমাজসেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়৷ ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি কৰা সমাজ সেৱাৰ বাবে ‘সমাজসেৱা’ শিতানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ভক-ভাৰ্চিটিয়ে৷ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বাসিন্দা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি সমাজৰ বাবে কাম কৰি গৈছে৷ ড০ শ্বাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে৷ ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে

৷ চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰিছে৷ চাহ জনগোষ্ঠীৰ হকে কাম কৰা সংগঠনক পৰামৰ্শ দি জনগোষ্ঠীটোৰ বিকাশত সহায় কৰিছে৷ এছ.কে. এছ ইংলিছ একাডেমি শিক্ষানুষ্ঠানখন স্থাপন কৰি নিজেই মুখ্য পৰিচালন সঞ্চালকৰ দায়িত্ব লৈ গুণগত শিক্ষা প্ৰদানৰ হকে কাম কৰি গৈছে৷

Leave A Reply

Your email address will not be published.