চিকিৎসক, নাৰ্ছৰ অভাৱ ঘটিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।

0 6,666,701

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এক অতি উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২৩১টা চিকিৎসকৰ পদ আছে যদিও বৰ্তমান ৬৫টা চিকিৎসকৰ পদ খালী হৈ আছে চিকিৎসা মহাবিদ্যালয়খনত। আনহাতে JMCHত আজিৰ তাৰিখত ১০৭গৰাকী ষ্টাফ নাৰ্ছৰ পদ খালী হৈ আছে। উল্লেখ্য ২০০৯ চনত প্ৰতিষ্ঠা হোৱা জেএমচিএইচে ইতিমধ্যে ডেৰ দশক অতিক্ৰম কৰিলে।

জেএমচিএইচত বৰ্তমান ৩৭টা পঞ্জীয়ক পদ, ৫টা অধ্যাপক, ৫টা সহযোগী অধ্যাপক আৰু ৬টা সহকাৰী অধ্যাপকৰ পদ খালী হৈ আছে। আনহাতে ইতিমধ্যে চাকৰিৰ পৰা পদত্যাগ কৰা ১২জন চিকিৎসকৰ পদো খালী হৈ আছে চিকিৎসা মহাবিদ্যালয়খনত। জেএমচিএইচত স্ত্ৰীৰোগ বিভাগত এটা অধ্যাপক, এটা সহকাৰী অধ্যাপক আৰু এটা পঞ্জীয়কৰ পদ খালী হৈ আছে। ৰেডিঅ’লজী বিভাগত এটা সহকাৰী অধ্যাপক আৰু দুটা পঞ্জীয়কৰ পদ খালী হৈ আছে। মেডিচিন বিভাগত এটা সহযোগী অধ্যাপক  আৰু ৩টা পঞ্জীয়কৰ পদকে ধৰি মুঠ চাৰিজন চিকিৎসকৰ পদ খালী হৈ আছে। পালমোনেৰি মেডিচিন বিভাগত ৫জন চিকিৎসকৰ চাৰিটা পদেই খালী হৈ আছে। ছাৰ্জাৰী বিভাগত দুটা সহকাৰী অধ্যাপকৰ পদ খালী হৈ আছে।

Leave A Reply

Your email address will not be published.