কাছাৰৰ মাৰকুলিনত আশ্ৰয় লৈ থকা মণিপুৰৰ দুৰ্গত লোক সকলক খাদ্য আৰু ঔষধৰ যোগান ধৰিবলৈ নিৰ্দেশ ৰাহুল গান্ধীৰ

0 1,251

ৰাহুল গান্ধীয়ে সোমবাৰে মনিপুৰলৈ‌ যোৱাৰ পুৰ্বে কাছাৰৰ মাৰকুলিন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰিত সকলৰ খা খবৰ লোৱাৰ সময়ত এই অভিযোগ কৰিছিল শৰণাৰ্থী সকলে।

ঔষধৰ অভাবত আনকি কেবাজনো শৰণাৰ্থী অসুস্হ হোৱা বুলিও ৰাহুল গান্ধীক অবগত কৰাইছিল মনিপুৰৰ মাৰ সম্প্ৰদায়ৰ শৰণাৰ্থী সকলে। অসুস্হ হৈ তিনিজন লোক হাস্পতালত চিকিৎসাধীন হৈ থকাৰ‌ কথাও সদৰী কৰে ৰাহুল গান্ধীক। সেই সময়ত ৰাহুল গান্ধীৰ সৈতে উপস্হিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা সহ বৰাক কংগ্ৰেছৰ কেবাজনো নেতা।

ইফালে, শৰণাৰ্থী সকলৰ দুৰ্দশা শুনাৰ পিচতে তেওঁলোকক পৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু ঔষধ পাতি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা। সোমবাৰে আবেলি বুজন পৰিমাণৰ খাদ্য সামগ্ৰী লৈ মাৰকুলিনৰ‌ আশ্ৰয় শিবিৰত উপস্হিত হয় ভুপেন বৰা।

শিলচৰ কংগ্ৰেছৰ সভাপতি অভিজিত পাল, কাটিগৰাৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ সহ কেবাজনো দলীয় কৰ্মীক লগত লৈ ভুপেন বৰাই শৰণাৰ্থী সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে চিকিৎসাধীন ৰোগী সকলক ঔষধ ক্ৰয়ৰ বাবে নগদ ধনো প্ৰদান কৰে ভুপেন বৰাই।

Leave A Reply

Your email address will not be published.