ভাৰত-ভূটান সীমান্তত অব্যাহত হাতী মানুহৰ সংঘাত

0 8,912

তামুলপুৰ জিলাৰ অন্তৰ্গত বনাঞ্চলৰ অবাধ ধ্বংস যজ্ঞৰ ফলত বনাঞ্চল সংকুচিত হোৱাত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাকে ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে। খাদ্যৰ সন্ধানত পাহাৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটাই প্ৰতিদিনে নিদ্ৰা হৰণ কৰিছে সীমান্তবাসী ৰাইজৰ।

বৃহস্পতিবাৰে নিশাও বনৰীয়া হাতীৰ জাকে ১ নং পাহাৰপুৰৰ বিষ্ণু বসুমতাৰী, টেউপিল বসুমতাৰী, চুপল টুডু, হোপনা টুডু আৰু দমনিকা হাচদাৰ বাসগৃহ ভাঙি চূড়মাৰ কৰাৰ লগতে পৰিয়াল কেইটাৰ বাচন বৰ্তন, কাঠৰ আচৱাব সমুহৰো ক্ষতিসাধন কৰে ৷

বনৰীয়া হাতীয়ে বাসগৃহ ভাঙি পেলোৱাত নিশা মুকলি আকাশৰ তলতে উজাগৰে থাকিব লগা হয় পৰিয়াল কেইটা। বনৰীয়া হাতীৰ পৰা কথমপি পৰিয়ালৰ লোকসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়

Leave A Reply

Your email address will not be published.