তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছৰ ব্ৰেক ফেইল আহত ১০ জন

0 4,474

অমৰনাথ যাত্ৰাৰ আৰম্ভণিতেই সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছৰ ব্ৰেক ফেইল হোৱাত জীৱন ৰক্ষা কৰিবলৈ চলন্ত বাছৰ পৰা জাপ দিলে তীৰ্থ যাত্ৰীয়ে। এই ঘটনাত ১০ জনকৈ লোক আহত হৈছে।

মঙ্গলবাৰে অমৰনাথৰ পৰা পঞ্জাৱৰ হোছিপুৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিছিল এখন বাছে। বাছখনত আছিল ৪০ জনকৈ যাত্ৰী। বাছখনৰ সকলো যাত্ৰী আছিল পঞ্জাৱৰ বাসিন্দা। তীৰ্য যাত্ৰী কঢ়িয়াই নিয়া এই বাছখনৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে তীৰ্থ যাত্ৰীসকলে জপিওৱা দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে এই ঘটনা ৰণবান জিলাৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে।চলন্ত অৱস্থাতে বাছখনৰ হঠাৎ ব্ৰেক ফেইল হয়। ইয়াৰ পিছতে বাছখনৰ পৰা এজন এজনকৈ বহু কেইজন যাত্ৰীয়ে জাপ মাৰে। ইয়াৰে একাংশই বাছখনৰ দুৱাৰেদি আৰু আন একাংশই খিৰিকীৰে জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে। 

আৰক্ষীয়ে জনোৱা মতে চলন্ত বাছৰ পৰা জাপ মৰাৰ ফলত ১০ জন যাত্ৰী আহত হৈছে। আহতসকলৰ মাজত আছে এটি শিশুও। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে ভাৰতীয় সেনা আৰু আৰক্ষীৰ দল তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হয়।

Leave A Reply

Your email address will not be published.