কলিয়াবৰত বান পীড়িত ৰাইজে অৱৰোধ কৰিলে ৰাজপথ

0 1,260

আজি কলিয়াবৰত বান পীড়িত ৰাইজে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বান পানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লোকে মঙ্গলবাৰৰ পৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ প্ৰেছ ক্লাব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় গ্ৰহণ কৰিছে। এই বান পীড়িত লোকসকলে আজি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

 ২০১৭ ত কলংমুখৰ হাতীমূৰা মথাউৰি ছিঙি যি ভয়াবহ বান পৰিস্থিতিৰ সূচনা কৰিছিল, বাসগৃহকে ধৰি অনেক সম্পদ ধ্বংস কৰিছিল সেই সমূহৰ ক্ষতি আজিও পূৰণ কৰিব নোৱাৰা লোকসকল পুনৰ বানপানীৰ কৱলত পৰাত এতিয়া ক্ষোভিত হৈ পৰিছে। এইবাৰো এই বানপানীৰ কাৰণ হাতীমূৰা বান্ধ। এই বান্ধ নিৰ্মাণৰ ঠিকাদাৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ। সেয়ে অধিক ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

Leave A Reply

Your email address will not be published.