“অস্বাভাৱিক বিদ্যুত মাচুল তথা মোবাইল মাচুল বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অসম তৃণমূল কংগ্ৰেছৰ”

0 473

“বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ কপালে অসম তৃণমূল কংগ্ৰেছে”

গুৱাহাটী, ২৯ জুন, ২০২৪ঃ- অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তেই চৰকাৰৰ দ্বাৰা পুনৰ বাৰ আৰোপিত বৰ্দ্ধিত বিদ্যুৎ মাচুলে ৰাইজৰ মূৰত পুনৰবাৰ মাধমাৰ সোধাইছে।

আজি অসম তৃণমূল কংগ্ৰেছ দলে বিদ্যুতৰ মাচুলৰ অস্বাভাৱিক বৃদ্ধি আৰু মোবাইল ফোনৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দলৰ সভাপতি ৰিপুণ বৰাৰ সৈতে প্ৰায় শতাধিক দলীয় কৰ্মীয়ে বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবী তথা শাসকীয় বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰে। দলৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমক সম্বোধি কয় যে, “এই চৰকাৰ খনে ব্যাপক কৰ বৃদ্ধি আৰু বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জনসাধাৰণক কেঁকোৰা চেপা দি আহিছে। দেশ আৰু প্ৰগতিৰ কথা কোৱা এই চৰকাৰখনে প্ৰতি মূহুৰ্ততে সাধাৰণ জনতাক কেৱল কৰ সংগ্ৰহৰ আচিলাৰূপে ব্যৱহাৰ কৰিছে, এয়া সম্পূৰ্ণৰূপে জনবিৰোধী কাৰ্যপন্থা। স্বৈৰাচাৰী বিজেপিয়ে নিৰ্বাচনী লাভালাভৰ অংকত নিৰ্বাচনৰ সময়ত বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰাৰ ফলত এতিয়া সেই ঋণ পৰিশোধৰ বাবেই বিভিন্ন সামগ্ৰীত অভাৱনীয়ভাৱে কৰ বৃদ্ধি কৰিব বিছাৰিছে। এয়া সম্পূৰ্ণৰূপে জনবিৰোধী আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো ।”

উল্লেখ্যযোগ্য যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যনিৰ্বাহক সভাত বিগত লোকসভা নিৰ্বাচনত অসম তৃণমূল কংগ্ৰেছ দলৰ ফলাফলৰ পৰ্য্যালোচনা আৰু সাংগঠনিক বিষয় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

Leave A Reply

Your email address will not be published.