মূষলধাৰ বৰ্ষাই ধুৱাই নিলে দেশৰ ৰাজধানী দিল্লীক

0 3,478

বিগত কিছুদিন ধৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে দিল্লীবাসীক।

এনে সময়তে শুকুৰবাৰে পুৱাই আহিল এজাক ধাৰাসাৰ বৰষুণ। অত দিনে যেন অপেক্ষা কৰি কৰি থকা বৰষুণজাকে প্ৰাণ দিলে দিল্লীৰ তৰু-তৃণকে ধৰি সৰ্বসাধাৰণক ! কাৰ্যতঃ স্বস্তিৰ নিশ্বাস এৰিছে দিল্লীবাসীয়ে।

অৱশ্যে গৰমৰ পৰা পৰিত্ৰাণ পালেও দিল্লীৰ কোনো কোনো অঞ্চলত হোৱা কৃত্ৰিম বানে জুৰুলা কৰিছে একাংশক। অফিছ-কাছাৰী তথা স্কুল-কলেজলৈ যোৱা লোকসকল বানপানীৰ বাবে সমস্যাৰ সন্মখীন হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী বিমান বন্দৰৰ ১নং টাৰ্মিনেলত পানী জমা হৈছে। যাৰ বাবে তীব্ৰ যান-জঁটৰ সন্মুখীন হৈছে যাত্ৰীসকল। ইয়াৰোপৰি কৃত্ৰিম বানপানীৰ বাবে দিল্লী, নয়ডা আৰু গুৰুগ্ৰামত এতিয়াও যাত্ৰীসকল ৰাস্তাতে আৱদ্ধ হৈ থকা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমযোগে জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.