ধুবুৰীত জব্দকৃত নিচাযুক্ত দ্ৰব্যৰ দাহ কাৰ্য্যসূচী

0 44,444,444,466

আজি দূপৰীয়াৰ ভাগত অসম আৰক্ষীৰ ধুবুৰী জিলা আৰক্ষীৰ জব্দকৃত নিচাযুক্ত দ্ৰব্যৰ বিনষ্টকৰণ দাহ কাৰ্য্যসূচী পালন কৰে।

উল্লেখ্য যে ধুবুৰী জিলাৰ গৌৰীপুৰ ৰঙামাটি গৃহৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখৰ পথাৰত উক্ত দাহ কাৰ্য্য সূচী পালন কৰে।

উক্ত কাৰ্য্য সূচীত ধুবুৰী জিলাৰ চাপৰ,বিলাসী পাৰা, গৌৰীপুৰ, ধুবুৰী সদৰ,গোলক গঞ্জ,আগমনী আৰক্ষী থানাকে ধৰি ৬ খন আৰক্ষী থানাৰ ৫৪ টা গোচৰৰ পৰা জাব্দকৃত ২২৭৪৫ টা টেবলেট,৪৭৫৪ টা কফ চিৰাফ,১৫২ কেজি গাঞ্জা,২৭২.৯ গ্ৰাম ব্ৰাউন সুগাৰ,৪,৯৫০ টা অপিয়াম টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ কৃত নিচাযুক্ত দ্ৰব্যৰ মূল্য ৪ কোটি ২১ লাখ ৩৭ হেজাৰ ২০০ টকা বুলি আৰক্ষী অধীক্ষক মহোদয়ে জানিবলৈ দিয়ে।

আজিৰ কাৰ্য্য সূচীত ধুবুৰী আৰক্ষী অধীক্ষক আৰু দণ্ডাধীশৰ উপস্থিতিত নিচাযুক্ত দ্ৰব্যৰ বিনষ্টকৰণ কাৰ্য্য সূচী পালন কৰা পৰিলক্ষিত হয়।

আমাৰ হাতত ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ মন্তব্য আছে সেয়া আমি শুনাই ল’ব বিচাৰিছোঁ।

পৰ্বতঝোৰাৰ পৰা আজিম উদ্দিন সেখৰ ৰিপোৰ্ট।

Leave A Reply

Your email address will not be published.