চামগুৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা তথা তাৎক্ষণিক ভাৱে মেৰামতি কৰাৰ দাবীত নামতিৰ ধোদৰ আলিত আছুৰ পথ অৱৰোধ

0 482

ঐতিহাসিক ধোদৰ আলিৰ নামতি চাৰি আলিৰ পৰা চামগুৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা তথা তাৎক্ষণিক ভাৱে মেৰামতি কৰাৰ দাবীত নামতিৰ ধোদৰ আলিত আছুৰ পথ অৱৰোধ কাৰ্যসূচী।

অসম মালা আচনিৰ অধীনত নিৰ্মাণ হৈ থকা ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰাত যাতায়াতত ৰাইজে যমৰ যাতনা ভুগিব লগাত পৰিছে।

বিশেষকৈ নামতি চাৰি আলিৰ পৰা চামগুৰি সংযোগী পথচোৱাত পুখুৰী সদৃশ দ দ গাঁ‌ত হৈ পৰাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আছে।

পথটোৰ নিৰ্মাণৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গা লৰাব পৰা নাই চৰকাৰৰ।অৱশেষত নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহাসিক ধোদৰ আলি পথৰ নিৰ্মাণৰ দাবীত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

অৱৰোধস্থলীত নামতি আৰু আমগুৰি আৰক্ষী উপস্থিত হয়।

Leave A Reply

Your email address will not be published.