মঙলদৈ জনাৰামচৌকাৰ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

0 3,357

 মঙলদৈ অঞ্চলৰ জনাৰামচৌকাৰ শাকতোলা নদীৰ ভঙা মথাউৰি শনিবাৰে পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। লগতে অঞ্চলটোৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

বৃহস্পতিবাৰৰ পুৱতি নিশা শাকতোলা নদীৰ মথাউৰি ছিঙিছিল। ফলত ভালেকেইখন গাঁও বানপানীত ডুব গৈছিল।

জলসম্পদ বিভাগে ততাতৈয়াকৈ এই ভঙা অংশ পুনৰ নিৰ্মাণ কৰা বাবে বৰ্তমান পানী কমি গৈছে গাঁওকেইখনত। ইফালে অঞ্চলসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈ অসমৰ বানপানী নিয়ন্ত্ৰণত আছে। নদীৰ মাজৰ পৰা অবৈধ বালি খনন মাথাউৰি ভঙাৰ প্ৰধান কাৰণ বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে।

মথাউৰি ভঙা প্ৰসংগত জিলা আয়ুক্ত আৰু জলসম্পদৰ অভিযন্তাক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।

Leave A Reply

Your email address will not be published.