কৰিমগঞ্জত ভয়ংকৰ ভূমিস্খলন ফলত ৫ গৰাকীকৈ লোকৰ মৃত্যু

0 483

কৰিমগঞ্জত ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত ভয়ংকৰ ভূমিস্খলন। ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ বদৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ কৰণ মৃত্যু ঘটে। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংগঠিত হয় এই ভয়ংকৰ অঘটনটো। ভূমিস্খলনৰ ফলত আব্দুল কৰিমৰ পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়।

ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোক কেইগৰাকী হ’ল আব্দুল কৰিমৰ পত্নী ৰাইমুননেছা(৫৫), কন্যা সাহেদা খানম(১৮), জাহেদা খানম(১৬) হামিদা খানম (১১) আৰু নাতি মেহেদি হাছান(৩)। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু SDRFএ উদ্ধাৰ কাৰ্য চলায় আছে। নিশা প্ৰায় ১২ বজাত সংঘটিত হয়।

Leave A Reply

Your email address will not be published.