কেতিয়া মুকলি হ’ব মথুৰাপুৰৰ বাউলি পুখুৰী চিকিৎসালয়

0 3,481

 চৰাইদেউ জিলাৰ নাজিৰা সমষ্টিৰ চুকাফা গাঁও পঞ্চায়তৰ অন্তৰ্গত মথুৰাপুৰৰ বাউলীপুখুৰী আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আজি কেইবাবছৰ অতিক্ৰম কৰিলে। কিন্তু ইয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই জনসাধাৰণৰ বাবে চিকিৎসালয়খন মুকলি কৰি নিদিয়া বিষয়টোৱে স্থানীয় জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

১৯৯৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই তেওঁৰ গৃহ সমষ্টি নাজিৰাৰ চুকাফা গাঁও পঞ্চায়তৰ নিচেই কাষত বাউলি পুখুৰীত প্ৰায় ১৬ বিঘা মাটি সামৰি ৩০ খন বিছনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল । কালক্ৰমত কেইবা কোটি টকা ব্যয় সাপেক্ষে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় যদিও ৰহস্যজনক কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসালয়খন জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া নহ’ল।

Leave A Reply

Your email address will not be published.