ভাৰতীয় মহিলা টেষ্ট দলত স্থান লাভ অসম কন্যা উমা চেত্ৰীৰ

0 3,364

পুনৰ ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসমৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে। চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ ভাৰতীয় দলৰ সদস্য উমা চেত্ৰীয়ে এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিপাক্ষিক শৃংখলাত দেশক প্ৰতিনিধিত্ব কৰিব।

উল্লেখ্য যে, ১৬ জুনৰ পৰা ভাৰতত দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোৱে অভিযান আৰম্ভ কৰিব। ইয়াৰ বাবে ৩০ মে’ বৃহস্পতিবাৰে ভাৰতীয় মহিলা দলটো ঘোষণা কৰিলে বি চি চি আইয়ে। তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টি-২০ ৰ বাবে ঘোষিত মহিলা দলটোত স্থান লাভ কৰিছে অসম কন্যা উমাই।

এদিনীয়া শৃংখলাৰ বাবে ঘোষিত দলটোঃ হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), ছাফালী বাৰ্মা, দিপ্তী শৰ্মা, জেমিমা ৰড্ৰিগুইজ, ৰিছা ঘোষ (উইকেট কীপাৰ), উমা চেত্ৰী (উইকেট কীপাৰ), দয়ালান হেমলাথা, ৰাধা যাদৱ, আশা সোভানা, শ্ৰেয়াঙ্কা পাটিল, চাইকা ঈশাক, পূজা বস্ত্ৰকাৰ, ৰেণুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, প্ৰিয়া পুনিয়া।

Leave A Reply

Your email address will not be published.