কামপুৰ ৰাজহচক্ৰৰ ২০ খন গাওঁ বানৰ কৱলত

0 583

সাগৰীয় ঘূৰ্ণি ৰীমালৰ প্ৰবাৱত যোৱা সময়ত অসমত হোৱা প্ৰৱল ধুমুহা বৰষুণৰ ফলত এতিয়া কপিলী নৈৰ জলস্তৰ বৃদ্ধি হৈ সংহাৰী ৰূপ ধাৰণ কৰিছে। নিশা কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ নৈৰ কোৱাল সোঁতে ভাঙিলে পতিয়াপামৰ মথাউৰি।

ফলত কেইবাখনো গাঁৱত সোমাইছে কপিলীৰ পানী। জলমগ্ন হৈছে এখনৰ পিছত এখনকৈ নৈপৰীয়া গাঁৱৰ লগতে কৃষি পথাৰ। বাৰিষাৰ আৰম্ভণিতে অহা এনে বানৰ ফলত কামপুৰ-যমুনামুখ বকুলগুৰি পথৰৰ ওপৰেদি বাগৰিছে পানী।

বানৰ পৰা ৰক্ষা পাবলৈ ঘৰ এৰি নিৰাপদ স্থানলৈ ৰাওনা হৈছে বানপীড়িত লোকসকল। এই পৰ্যন্ত কামপুৰ ৰাজহচক্ৰৰ মুঠ ২০ খন গাওঁ এই বানৰ কৱলত পৰিছে।

Leave A Reply

Your email address will not be published.