খৰাং পৰিস্থিতিৰ বাবে সংকটৰ গৰাহত ৰাজ্যৰ চাহ উদ্যোগ

0 2,385

তীব্ৰ খৰাং পৰিস্থিতিৰ বাবে সংকটৰ গৰাহত ৰাজ্যৰ চাহ উদ্যোগ ৷ বৰষুণৰ অভাৱত কেঁচা চাহ পাতৰ উৎপাদন প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷ প্ৰচণ্ড ৰ’দৰ বাবে চাহ গছ শুকাই মৰি যোৱাৰ উপক্ৰম হৈছে৷ যাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ চাহ উদ্যোগ ৷

ওৰাং-মাজবাট অঞ্চলৰ চাহ বাগিচাত কেঁচা চাহ পাতৰ উৎপাদন প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হোৱাত অস্থায়ী শ্ৰমিকৰ সংখ্যা ইতিমধ্যে কমাইছে কৰ্তৃপক্ষই ৷ ইয়াকে লৈ শ্ৰমিক সকলৰ মাজত হাহাকাৰ ৷ বৰষুণৰ অভাৱত শুকাই মৰি গৈছে বাগিচা খনৰ চাহ গছ ৷ কোনোমতে কাম কৰিছে স্থায়ী শ্ৰমিক সকলে ৷ ভয়ংকৰ খৰাং পৰিস্থিতিৰ পিছতেই কেঁচা চাহ পাতৰ উৎপাদন প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হোৱাত চাহ শ্ৰমিক সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

Leave A Reply

Your email address will not be published.