ভাৰতত এদিনীয়া ৰাষ্ট্রীয় শোক পালন ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্রী হুছেইন আমীৰা আব্দুল্লাহিয়ানৰ মৃত্যুৰ বাবে

0 33,363

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্রী হুছেইন আমীৰাআব্দুল্লাহিয়ানৰ মৃত্যুত সম্মান জনাই ভাৰতে আজি এদিনীয়া ৰাষ্ট্রীয় শোক পালন কৰা হৈছে।

সমগ্র দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনো ধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কার্যসূচী পালন কৰা নহ’ব বুলি সিদ্ধান্ত গ্রহণ কৰা হৈছে।

দেওবাৰে ইৰানৰ পূব আজাৰবাইনত সংঘটিত হৈছিল হেলিকপ্টাৰ দুৰ্ঘটনা। হেলিকপ্টাৰখনত থকা ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছী আৰু বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানই এক চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰি অহাৰ পাছতে ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ দুৰ্ঘটনাত মৃত্যু হয় ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ। 

Leave A Reply

Your email address will not be published.