ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিলৰ পাছতে আই পি এল কৰ্তৃপক্ষৰ ঘোষণা উভতাই দিয়া হ’ব দৰ্শকৰ টিকটৰ মূল্য

0 477

বিগত ১৯মে’ত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিলৰ পাছতে সোমবাৰে আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে এক নতুন সিদ্ধান্ত। উল্লেখ্য যে বৰষুণে বিধি-পথালি দিয়া বাবে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা নাছিল আই পি এলৰ হাইভ’ল্টেজ মেচখন।

ইয়াৰ পাছতে আম্পায়াৰৰ সিদ্ধান্ত মৰ্মে মেচখন পৰিত্যক্ত ঘোষণা কৰা হৈছিল আৰু দুয়ো দলক ১পইণ্টকৈ ভগাই দিয়া হৈছিল। মেচখন বাতিল হোৱাৰ এদিন পাছতে আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে যে মেচ উপভোগ কৰিবলৈ অহা দৰ্শকৰ টিকটৰ মূল্য উভতাই দিয়া হ’ব।

আই পি এল কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি বুধবাৰৰ পৰা দৰ্শকসকলক টিকটৰ সম্পূৰ্ণ মূল্য উভতাই দিয়া প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব।

উল্লেখ্য যে যিসকল দৰ্শকে অফলাইন প্ৰক্ৰিয়াৰে টিকট ক্ৰয় কৰিছিল তেঁওলোকে নিৰ্দিষ্ট টিকট কাউণ্টাৰসমূহৰ পৰা টিকটৰ মূল্য সংগ্ৰহ কৰিব পাৰিব। আনহাতে যিসকলে অনলাইযোগে টিকট সংগ্ৰহ কৰিছিল তেঁওলোকে বুক মাই শ্ব’ৰ এপ অথবা ৱেবচাইটযোগে টিকটৰ মূল্য উভতাই পাব।

Leave A Reply

Your email address will not be published.