গৰমত পইতা ভাত খালে হ’ব পাৰে স্বাস্থ্যৰ বাবে ক্ষতি!

0 55,591

গ্ৰীষ্মকালত পইতা ভাত খোৱাটো অসমীয়া লোকৰ এক আৱেগৰ দৰে। অসমত পানী দিয়া ভাত খোৱাৰ বহুল প্ৰচৰণ আছে। বাহি ভাতত পানীৰ লগত বিভিন্ন সংমিশ্ৰণত খোৱা হয়। পইতা ভাতৰ লগত সিজোৱা আলু, মুছুৰদাল, কেঁচা পিয়াজ আৰু নেমুৰ ৰসৰ দি খাব লাগে।অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে বহু ক্ষেত্ৰত সাধাৰণ পইতা ভাত বেছি ফলপ্ৰসু। পইতা ভাতে হজম শক্তিও উন্নত কৰে। উৎকট গৰমত পইতা ভাত সুস্বাদু আৰু শৰীৰৰ বাবে উপকাৰী। দুয়োটা গ্রীষ্মমণ্ডলীয় অঞ্চলৰ বাসিন্দাসকলৰ খাদ্যাভ্যাসত গ্রীষ্মকালত ডায়েৰিয়া আৰু হিটষ্ট্রোক প্রতিৰোধ কৰিবলৈ পইতা ভাত খোৱাৰ প্রয়োজন৷পইতা ভাত খালে শৰীৰত শান্তি আহে। পুৱা-দুপৰীয়াৰ জলপানৰ বাবে পইতা ভাত আদৰ্শ। কিন্তু কিছু কামৰ কাৰণে সজাগ হৈ থাকিব লগা হ’লে পইতা ভাত পৰিহাৰ কৰক। কামত মনোনিৱেশ কৰাটো কঠিন হ’ব পাৰে।পইতা ভাত সদায় পৰিষ্কাৰ পানী ঢালি দিব। অন্যথা কলাই বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা থাকে।পইতা ভাত ১২ ঘণ্টাৰ অধিক সময় তিয়াই নাৰাখিব। অন্যথা ভাতখিনি পচি পেটৰ সংক্ৰমণ হ’ব পাৰে।পইতাভাতৰ টেঙা সোৱাদ সদায় আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহ’বও পাৰে।

Leave A Reply

Your email address will not be published.