গণশিল্পী সূৰ্য দাসলৈ নিশাৰী বঁটা ২০২৪

0 1,267

কামপুৰৰ তেঁতেলীসৰাৰ নিশাৰী নৈ পাৰত জন্ম গ্ৰহণ কৰিছিল গণশিল্পী সূৰ্য দাসৰ। অসমৰ সংগীত জগতৰ ভোটা তৰা স্বৰূপ এইগৰাকী গণশিল্পী সূৰ্য দাসক এইবেলি নিশাৰী বঁটা ২০২৪ প্ৰদান কৰা হয়।

কামপুৰৰ তেঁতেলীসৰা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে আগবঢ়াইছে বঁটাটো। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত বঁটা গ্ৰহণ কৰি নষ্টালজিক হৈ পৰে শিল্পী গৰাকী।

শিল্পী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে মানুহৰ মৃত্যুৰ সময়ত যেনেকৈ গংগাজল দিয়ে ঠিক তেনেকৈ তেখেতক জন্মগাঁৱৰ তেঁতেলীসৰা ৰাইজে নিশাৰী বঁটা নহয় নিশাৰীৰ গংগাজল প্ৰদান কৰিছে।

বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, ক্ৰীড়াবিদ হেম বৰা, শিক্ষক নৱ দাস, শিল্পী ৰমেন বৰা, প্ৰাক্তন পঞ্চায়ত সভাপতি অমিয় কুমাৰ হাজৰিকা।

উল্লেখ্য যে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীত কণ্ঠ শিল্লী মানস ৰবিনকে ধৰি কেইগৰাকীও শিল্পীয়ে গীত পৰিবেশন কৰে

Leave A Reply

Your email address will not be published.