আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল

0 7,921

ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ।আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব ৩,৫০০ বাহন। চম্পাৱতী খেলপথাৰ, দতালপাৰাতো খেল যাবলৈ যোৱা লোকসকলে ৰাখিব পাৰিব তেওঁলোকৰ বাহন। আনহাতে, লুতুমা ফিল্ড, ৰোলিং মিল ফিল্ডতো ৰাখিব পাৰিব বাহনসমূহ। ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব মোবাইল ফোন আৰু মাণিবেগ। ইফালে আই পি এলৰ খেলক লৈ জাৰি কৰা হৈছে পথ নিৰ্দেশনা। ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহন চলাচলত বাধা। বিয়লি ৩ বজাৰ পৰা বাণিজ্যিক বাহন চলাচলত বাধা। নিশা ১২ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব। বৰ্ষাপাৰাৰ সমীপৰ পথত চলাব নোৱাৰিব বাণিজ্যিক বাহন। বিয়লি ৩.৩০ বজাৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

Leave A Reply

Your email address will not be published.