বোকাজানত মাৰণাস্ত্ৰসহ কেইবাজাই সজীৱ গুলী উদ্ধাৰ

0 6,812

বৃহস্পতিবাৰে নিশা বোকাজান আৰক্ষীয়ে উদ্ধাৰ কৰে এইসমূহ গুলী।

আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত জব্দ মাৰণাস্ত্ৰসহ গুলী।

খটখটিৰ কালিৰাম বস্তিৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ ওচৰৰ ৰেলৱে দলঙৰ তলত চলাইছিল অভিযান।

NL-07CB-8179 নম্বৰৰ বলেৰ’ বাহনত যাত্ৰী হিচাপে অহা ৫জন লোকক তালাচী।

তালাচীৰ অন্তত এটা ৯ এম এম বেৰেটা পিষ্টলসহ তিনিটা মেগজিন আৰু ৪৩জাই সজীৱ গুলী উদ্ধাৰ।

আৰক্ষীয়ে এই সন্দৰ্ভত নাগালেণ্ড আৰু মৰিগাঁও জিলাৰ ঠংগা ৱাংছাঁ,এলটো চিচি, সেইখৌ ঝিমণি,খুকিভি আয়ে আৰু চাত্তাৰ আলি নামৰ পাঁচটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.