পশ্চিম বংগৰ দক্ষিণ বংগত সোমবাৰে ধুমুহা-বজ্ৰপাতত প্ৰাণ হেৰুৱালে ৯জন লোকে।

0 55,584

প্ৰচণ্ড গৰমৰ অন্তত স্বস্তিৰ বৰষুণ। কিন্তু সোমবাৰে তাৰ মাজতে দুঃসংবাদ। পশ্চিম বংগৰ দক্ষিণ বংগত সোমবাৰে ধুমুহা-বজ্ৰপাতত প্ৰাণ হেৰুৱালে ৯জন লোকে। ইয়াৰ ভিতৰত ৫জন পূব মেদিনীপুৰ, দুজন পশ্চিম মেদিনীপুৰ আৰু পুৰুলিয়াৰ। আন দুজনৰ মৃত্যু হয় দক্ষিণ ২৪ পৰগনা আৰু নদীয়াত।

মুঠ ১২ জনক গাইডলাইন অনুসৰি আৰ্থিক সহযোগিতা কৰা হ’ব বুলি জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা উদ্ধাৰকাৰ্য চলাই থকা হৈছে বুলিও জনাইছে মুখ্যমন্ত্ৰীয়ে।

ধুমুহা-বৰষুণৰ ফলত সোমবাৰে প্ৰায় ১ ঘণ্টা ব্যাহত হৈ পৰে শিয়ালদহ ডিভিজনৰ শিয়ালদহ-কেনিং শাখাৰ ৰে’ল চলাচল। সন্ধিয়া ৮ বজাৰ পৰা নিশা ৯.১৫ বজালৈ বন্ধ আছিল ৰে’ল সেৱা।

Leave A Reply

Your email address will not be published.