ধুবুৰীৰ বালাজানত কংগ্ৰেছৰ বিশাল জনসভাত সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদিকা প্ৰিয়ংকা গান্ধী

0 6,814

ধুবুৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী সভাখনত প্ৰভাষণত মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা, বদৰুদ্দিন আজমল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি প্ৰিয়ংকা গান্ধী কয়,অসমত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে গোপন বুজা পৰাৰে সাম্প্ৰদায়িক ৰাজনীতি চলাই আহিছে।

দিল্লীৰ ৰাজপাটত নৰেন্দ্ৰ মোদীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি শাসিত চৰকাৰে সংবাদ মাধ্যমৰ লগতে ন্যায়পালিকা নিজৰ হাতৰ মুঠিত ৰাখি গণতন্ত্ৰ ভূলুষ্ঠি কৰিছে।এইদৰে প্ৰিয়ংকা গান্ধীয়ে ত‌ওৰ নাতিদীৰ্ঘ ভাষণত বিজেপি মিত্ৰজোঁটৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।


আজিৰ সভাখনত উপস্থিত থাকে, অসমৰ তত্বাধায়কৰ দায়িত্বত থকা জিতেন্দৰ সিং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‌ইকীয়া, আৰু নামনি অসমৰ বিধায়ক সকল।

Leave A Reply

Your email address will not be published.