ক’লা আঙুৰ স্বাস্থ্য বাবে কিমান উপকাৰি ?

0 115

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ

ডায়েবেটিছ ৰোগীৰ বাবে ক’লা আঙুৰ খোৱাটো অত্যন্ত উপকাৰী। ইয়াত পোৱা ডায়েবেটিক ৰোধী উপাদানবোৰে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।তদুপৰি, ৰেচভেৰাট্ৰল নামৰ এক ৰাসায়নিক পদাৰ্থ আঙুৰত পোৱা যায়, যাৰ এণ্টিহাইপাৰগ্লাইচেমিক গুণাগুণ থাকে। এই ৰাসায়নিক পদাৰ্থই শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি হোৱাত বাধা দিয়ে। যদি আপুনি ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ সৈতে যুঁজি আছে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি ক’লা আঙুৰ খাব পাৰে। 

শক্তিশালী হাড় 

ক’লা আঙুৰে হাড় শক্তিশালী কৰাত সহায় কৰে। ইয়াত পোৱা পুষ্টিবোৰ হাড়ৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ক’লা আঙুৰ খোৱাৰ ফলত হাড়ৰ ঘনত্ব বৃদ্ধি হয়। তদুপৰি, ইয়াত কেলচিয়াম থাকে, যি হাড় শক্তিশালী কৰাত সহায় কৰে। ক’লা আঙুৰ খালে হাড়ৰ বিষৰ পৰাও ই আপোনাক সকাহ দিব। 

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী

ক’লা আঙুৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ক’লা আঙুৰত ভিটামিন-চি-ৰ উপৰিও কিছুমান পুষ্টি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰাত সহায় কৰে। ক’লা আঙুৰ খোৱাৰ ফলত আমাৰ শৰীৰটো বহু প্ৰকাৰৰ সংক্ৰমণৰ পৰাও সুৰক্ষিত হৈ থাকে।

চকুৰ বাবে উপকাৰী 

ক’লা আঙুৰ চকুৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত কিছুমান উপাদান থাকে, যিয়ে চকু স্বাস্থ্যৱান ৰখাত সহায় কৰে।ক’লা আঙুৰ খোৱাৰ ফলত বয়স-সম্পৰ্কীয় সমস্যা যেনে চকুত ছানি পৰা, গ্লুকোমা আদি সমস্যাৰ পৰাও আমি সুৰক্ষা লাভ কৰিব পাৰো।

Leave A Reply

Your email address will not be published.