যৌন কেলেংকাৰিত অভিযুক্তৰ পক্ষত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

0 4,598

সংবাদমেলত আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ বিষ্ফোৰক অভিযোগ

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বলাৎকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ আপৰ

গুৱাহাটী, ৩০ এপ্ৰিল – ” লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা এজন বলাৎকাৰীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। বিজেপি সমৰ্থিত কৰ্নাটকৰ জে ডি (এছ) দলৰ প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাৰ বিৰুদ্ধে শ শ মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। তেনে এজন অপৰাধীক সংসদলৈ নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ চলাইছে। ” আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে। আপৰ মুখপাত্ৰ গৰাকীয়ে বিজেপি দল, চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীয়ে বলাৎকাৰীক সুৰক্ষা দিয়াৰ নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে। কৰ্নাটকত এন ডি এৰ অংশীদাৰ দলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাৰ অপকৰ্মৰ প্ৰসংগ উল্লেখ কৰি আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়, ” বিজেপিৰ বন্ধু দলৰ প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাই বহু মহিলাক যৌন আতিশয্য চলোৱাৰ তথ্য পোহৰলৈ আহিছে। বলাৎকাৰীক প্ৰাৰ্থিত্ব দি তেওঁলোকে অপৰাধীক সংসদলৈ যোৱাৰ বাবে ৰঙা দলিচা পাৰি দিছে।” সংবাদমেলত অনুৰূপা ডেকাৰজাৰ প্ৰশ্ন – “বেটী বাচাওঁ, বেটী পঢ়াও শ্লোগান দিয়া সকলে মহিলাৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ সংঘটিত কৰা লোকক কিয় সুৰক্ষা দিছে? শ শ মহিলাক বলাৎকাৰৰ সৈতে জড়িত এজন অপৰাধীক তেওঁলোকে কেনেকৈ প্ৰাৰ্থিত্ব দিলে? ” আপৰ নেত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বলাৎকাৰী প্ৰজ্বল ৰেৱান্নাৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাই সংশ্লিষ্ট লোকসভা সমষ্টিৰ ভোটাৰ সকলক এনেদৰে আহ্বান জনাইছিল,” প্ৰজ্বল ৰেৱান্নাক দিয়া আপোনালোকৰ প্ৰতিটো ভোটে মোক শক্তিশালী কৰিব।” মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়-“ধৰ্ষণকাৰীৰ সপক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানে মহিলাৰ সুৰক্ষাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দায়িত্বহীনতা উদঙাই দিছে। জে ডি(এছ) ৰ সাংসদ প্ৰজ্বল ৰেৱান্নাৰ এই নিকৃষ্ট চৰিত্ৰৰ বিষয়ে অৱগত হোৱাৰ পাছতো বিজেপিয়ে দলটোৰ সৈতে মিত্ৰতা কৰিছে। ২০২৩ চনৰ ৮ ডিচেম্বৰত কৰ্নাটক বিজেপিৰ এজন নেতা দেৱৰাজ গৌড়াই দলৰ ৰাজ্যিক সভাপতি বি ৱাই বিজয়েন্দ্ৰলৈ লিখা এখন চিঠিত অভিযোগ কৰিছিল যে জে ডি এছৰ একাংশ নেতাৰ যৌন কেলেংকাৰীৰ ২,৯৭৬ টা অশ্লীল ভিডিঅ’ থকা এটা পেনড্ৰাইভ তেওঁৰ হাতত পৰিছে। ইয়াত একাংশ চৰকাৰী মহিলা বিষয়াৰ সৈতে জে ডি এছৰ নেতাৰ যৌনগন্ধী ভিডিঅ’ আছিল। এই ভিডিঅ সমূহ বিৰোধী দলসমূহে নিৰ্বাচনৰ সময়ত ব্ৰহ্মাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। ” এই সকলোবোৰ কথা অৱগত হোৱাৰ পিছতো প্ৰধানমন্ত্ৰী মোদী তথা বিজেপিৰ ৰথী মহাৰথী সকলে প্ৰজ্বল ৰেৱান্নাৰ হৈ প্ৰচাৰ চলোৱাৰ ৰহস্য সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে আম আদমী পাৰ্টিয়ে।” শেহতীয়া ভাৱে প্ৰজ্বল ৰেৱান্নাৰ এই কাণ্ড সন্দৰ্ভত কৰ্নাটক চৰকাৰে এছ আই টি গঠন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। লগে লগে দেশ এৰি জাৰ্মানীলৈ পলায়ন কৰিছে অভিযুক্ত প্ৰজ্বল ৰেৱান্না। আপৰ নেত্ৰী গৰাকীৰ প্ৰশ্ন-এতিয়া এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী মৌনতা কিয়?
আপ, অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়-” বিজেপি দলৰ ৪৪ গৰাকী বিধায়ক আৰু সাংসদৰ ওপৰত মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ গোচৰ আছে। নেচনেল ক্ৰাইম ৰেকৰ্ড বুৰ’ৰ তথ্য অনুসৰি ২০১২ চনত দেশত মহিলা নিৰ্যাতন সম্পৰ্কীয় ২ লাখ ৪৪ হাজাৰ গোচৰ ৰুজু হৈছিল। বিজেপি চৰকাৰৰ আমোলত এই সংখ্যা ৪ লাখ ২৮ হাজাৰলৈ বৃদ্ধি পাইছে। বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছতে বলাৎকাৰ, যৌন নিৰ্যাতন তথা মহিলাৰ ওপৰত অন্যান্য নিৰ্যাতনৰ অপৰাধ ৪৩% বৃদ্ধি পাইছে। এই চৰকাৰৰ দিনত প্ৰতিটো ঘন্টাত মহিলাৰ বিৰুদ্ধে ৪৯ টা অপৰাধ সংঘটিত হৈছে।” বিজেপিৰ সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ প্ৰসংগ উল্লেখ কৰি সংবাদমেলত তেওঁ কয়-কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিৰ সভাপতি জেপি নাড্ডাই দেশৰ তাৰকা মল্লযোদ্ধা সকলৰ নিৰ্যাতন চলোৱা ব্ৰীজ ভূষণক সুৰক্ষা দিছিল। মণিপুৰতো বিজেপি চৰকাৰৰ আমোলত মহিলাৰ ওপৰত আতিশয্য চলাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ মৌনতাই বিজেপিৰ দিনত যে দেশৰ কোনো ৰাজ্যতে মহিলাসকল সুৰক্ষিত নহয় তাকেই প্ৰমাণিত হৈছে ।” আজি আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ সৈতে আপৰ সংখ্যালঘু কোষৰ নেতা আশ্ৰাফুল আৰিফ শিকদাৰো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.