আজি পহিলা ব’হাগ, মানুহ বিহুঃ ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী

0 44

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো

তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নেনাচি কেনেকৈ থাকো


আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । আজি হৈছে পহিলা ব’হাগ। পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে ।

পহিলা ব’হাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। বছৰটিৰ মংগল কামনাৰে ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৱান প্ৰদান কৰে । নতুন বছৰ উপলক্ষে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত বিহুৱান প্ৰদান কৰা হয় ।

এতিয়া ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী। উজনিৰ পৰা নামনিলৈ ৰঙালীৰ পাৰভঙা উছাহ-উদ্দীপনা। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে অসমভূমি।

Leave A Reply

Your email address will not be published.