অসমীয়া নৱবৰ্ষত কোন ৰাশিৰ জাতক-জাতিকাই ক’ত লাভ কৰিব সংস্থাপন?

0 58

ইংৰাজী ২০২৪ বৰ্ষৰ ১৪ এপ্ৰিল দেওবাৰৰ পৰা আৰম্ভ হ’ব শুভমস্তু শকাব্দ ১৯৪৬, ভাস্কৰাব্দ ১৪৩১, শঙ্কৰাব্দ ৫৭৫-৭৬, হিজৰী ১৪৪৫-৪৬, বুদ্ধাব্দ ২৫৬৭-৬৮। নতুন অসমীয়া বছৰে ১২ ৰাশিৰ জাতক-জাতিকাৰ বাবে বিভিন্ন ক্ষেত্ৰত কঢ়িয়াই আনিব ভিন ভিন ফলাফল। কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা অনুসৰি নতুন অসমীয়া বৰ্ষত কৰ্মস্থান আৰু চাকৰি ক্ষেত্ৰত কেনে হ’ব আপোনাৰ বৰ্ষফল, চাওক সবিশেষ।


মেষ ৰাশিঃ মেষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপতি গ্রহটো হ’ল শনি। এই বছৰ শনি একাদশত স্ব- গৃহত অৱস্থান কৰাত মেষ ৰাশিৰ যুৱক-যুৱতীৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে। শনিৰ শুভ কাৰকতাত উচ্চপদস্থ বিষয়া, সংবাদ পত্র, একাউনটেন্ট, টেলিফোন, পুলিচ, সামৰিক বিভাগ, চিকিৎসা আদি বিভাগত কর্মপ্রাপ্তি হোৱাৰ উপৰিও চতুৰ্থ শ্ৰেণীৰ কৰ্মপ্ৰাপ্তি, ধোবা, নাপিত, শ্রমিক আদি বিভাগতো কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। ১৫ জেঠৰ পৰা মেষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান অশুভ যদিও পুনৰ ১ ভাদৰ পৰা কৰ্মস্থান তথা চাকৰি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ সময় আহিব।


বৃষ ৰাশিঃ বৃষ ৰাশিৰ ব্যক্তিৰ বাবে কর্মপতি গ্রহটো হ’ল শনি। এই বছৰ বর্ষাৰম্ভ কালত শনি বিভিন্ন ক্ষেত্রত অপমানিত, উদ্যোগত ক্ষতি, কর্মস্থানত অপমানিত হোৱাৰ সম্ভাৱনা আছে। দশমস্থ মঙ্গলৰ প্ৰভাৱত সৰ্ব্বপ্ৰকাৰ উন্নতি, কৃষি, ব্যৱসায়, উন্নতি হোৱাৰ উপৰিও কর্মপ্রাপ্তিৰ যোগ সূচাইছে। বৃষ ৰাশিৰ ব্যক্তিয়ে পুলিচ, সামৰিক বিভাগ, উকীল, পৰিবহণ বিভাগ আদিৰ কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। ১৮ জেঠৰ পৰা অশুভ যদিও পুনৰ ২০ আহাৰৰ পৰা শুভ দিন আহিব।


মিথুন ৰাশিঃ মিথুন ৰাশিৰ বাবে কৰ্মপতি গ্রহটো হ’ল বৃহস্পতি। বর্ষাৰম্ভ চক্ৰত বৃহস্পতি একাদশত অৱস্থান কৰাত মিথুন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থানত পদোন্নতি, আয়বৃদ্ধি, নতুন নতুন কর্মপ্রাপ্তি অপ্রত্যাশিত লাভ, কর্মক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা আদিত অতি শুভ সময়। ৰাজনৈতিক, আদালত বিত্তবিভাগ, ট্রেজাৰী, বেংক, অনুদান আয়োগ আদিত মিথুন ৰাশিৰ ব্যক্তিসকলৰ প্ৰচুৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। কর্মপতি বৃহস্পতি ১৪ ব’হাগত দ্বাদশত অৱস্থান কৰিলে অশুভ প্রভাৱ আহিব।


কৰ্কট ৰাশিঃ কৰ্কটৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ’ল মঙ্গল। বর্ষাৰস্তু কাল মঙ্গল অষ্টমত থকাত অশুভ কাৰক হৈছে। কৰ্কট ৰাশিৰ ব্যক্তিৰ কৰ্মস্থানত কিছুমান হঠাৎ অসুবিধা আহিব পাৰে। উচ্চপদস্থ বিষয়ৰ পৰা অসৎ আচৰণ আদিয়ে অশান্তি দিব। ১ জেঠৰ পৰা মঙ্গলৰ প্রভাৱ শুভ হোৱাত শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, সামৰিক বিভাগ, আদালত, পুলিচ আদি বিভাগত নতুনকৈ কর্মপ্রাপ্তিৰ যোগ দেখা যায়। ১৫ ভাদৰ পৰা কর্মস্থান অশুভ। ২৫ আঘোণৰ পৰা কৰ্কট ৰাশিৰ ব্যক্তিৰ কৰ্মস্থান শুভ হ’ব।


সিংহ ৰাশিঃ সিংহ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপতি গ্ৰহটো হ’ল শুক্র। বর্ষাৰম্ভ কালত শুক্র অষ্টমত তুঙ্গী হৈ থকাত সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰ কৰ্মস্থান ও চাকৰিৰ ক্ষেত্ৰত অতি শুভফল লাভ কৰিব। শুক্ৰৰ শুভ কাৰকতাত পশুপালন, কৃষি, সোণ-ৰূপৰ ব্যৱসায়, চিকিৎসা বিভাগ, সামৰিক বিভাগ, কোষাগাৰ, পঞ্চায়ত, উন্নয়ন আদি বিভাগত কর্মপ্রাপ্তি ও চাকৰি হোৱাৰ পূৰ্ণ যোগ দেখা যায়। বছৰৰ আৰম্ভণিতে সিংহ ৰাশিৰ ব্যক্তিসকলৰ ভূ- সম্পত্তি, ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ দেখা যায়। শুক্ৰৰ শুভ প্রভাৱত, কর্মস্থান তথা চাকৰিত বিপৰীত লিঙ্গৰপৰা পূর্ণ সহায়-সহযোগিতাৰে কৰ্মক্ষেত্ৰ আগবাঢ়ি যাব।


কন্যা ৰাশিঃ বৰ্ষাৰম্ভ কালত কন্যাৰাশিৰ কৰ্মপতি বুধ সপ্তমত নীচস্থ ভাৱত থকাত অশুভ কাৰক হৈছে। কর্মস্থানত কন্যা ৰাশিৰ ব্যক্তিসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। উচ্চ পদস্থ বিষয়াৰ পৰা দুৰ্য্যৱহাৰ, কর্মস্থানলৈ যাতায়াতৰ সমস্যা আদিয়ে কন্যাৰাশিৰ ব্যক্তিৰ কর্মস্থানত অশুভ প্রভাৱ পেলাব। ১ জেঠৰ পৰা কন্যাৰাশিৰ ব্যক্তিৰ কৰ্মস্থান শুভ হ’ব। শিক্ষা, কাৰিকৰী, কেৰাণী, মণ্ডল, স্বাস্থ্য বিভাগ, প্ৰতিৰক্ষা, গৃহবিভাগ, খেল বিভাগ, বন বিভাগ, বিভিন্ন বহুজাতিক কোম্পানী কৰ্মৰত হৈ আর্থিক দিশত টনকিয়াল হ’ব পাৰিব।


তুলা ৰাশিঃ তুলা ৰাশিৰ কর্মপতি অষ্টমত যদিও বৃহস্পতিৰ শুভ প্ৰভাৱত কৰ্মলাভ, কর্মোন্নতিৰ যোগ। বায়ু, পানী, আকাশ সম্পৰ্কীয় কৰ্মত পূৰ্ণ উন্নতিৰ যোগ। বিভিন্ন বিভাগৰ ঠিকা, কল-কাৰখানা, যাতায়ত পৰিবহণ, আদিত কর্মোন্নতি, বদলীকৰণে সুখ দিব। যিসকলৰ কৰ্মক্ষেত্ৰত জটিলতা, দাবী, মামলা-মোকদ্দমা আদি চলি আছে, তেওঁলোকে এই বছৰত শুভফল পাব।


বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ কর্মপতি ৰবি তুঙ্গী, বৃহস্পতিযুক্ত হৈ অৱস্থান কৰা বাবে কৰ্মলাভ হ’ব। নতুন কৰ্মলাভ, চাকৰিৰ যোগ আছে। শিক্ষিত নিবনুৱাসকলে ১৪ ব’হাগৰ পৰা চাকৰি লাভৰ ক্ষেত্ৰত সুফল লাভ কৰিব। ৰেল বিভাগ, কৃষি বিভাগ, পশুপালন আদি বিভাগত কর্মলাভৰ যোগ দেখা যায়।


ধনু ৰাশিঃ ধনু ৰাশিৰ ব্যক্তিসকলৰ বৰ্ষাৰম্ভ কালত কৰ্মস্থান আৰু কৰ্মপ্ৰাপ্তি শুভ বুলি ক’ব নোৱাৰি। কর্মস্থানত নীচস্থ কেতুৰ প্রভাৱত কৰ্মস্থানত অশুভ প্রভাৱ পৰিব। ধনু ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপতি বুধ নীচস্থ হৈ চতুর্থ স্থানত থকাত আৰক্ষী বিভাগ, অভিনেতা, লেখক, ফাষ্টফুডৰ ব্যৱসায়, সুৰাৰ ব্যৱসায়, হোটেলৰ ব্যৱসায়, কিতাপ, বস্ত্র, ফুলৰ ব্যৱসায় আদিৰ জৰিয়তে অধিক লাভবান হ’ব পাৰিব। নতুন কৰ্মপ্ৰাপ্তিৰ বাবে কেতুৱে বাধাৰ সৃষ্টি কৰি থাকিব যদিও ১০ আহিনৰ পৰা শুক্ৰৰ প্ৰভাৱত কৰ্মস্থান আৰু কৰ্মপ্ৰাপ্তিৰ দিশ সুচল হৈ নতুন কর্মপ্রাপ্তি ঘটিব।


মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতব্যক্তিৰ কৰ্মপতি গ্রহ শুক্র তৃতীয়ত তুঙ্গী হৈ অৱস্থান কৰাত এই বছৰৰ আৰম্ভণিতে শুক্রৰ শুভ প্রভাৱত নতুন কৰ্মপ্ৰাপ্তিৰ যোগ সুচাইছে। বছৰৰ আৰম্ভণিতে মকৰ ৰাশিৰ ব্যক্তিৰ ধনস্থান প্ৰচুৰ উন্নতিত সম্ভাৱনী আছে। কর্মপতি শুক্র তৃতীয়ত তুঙ্গী ভাৱত থকাত নতুন উদ্যোগ স্থাপন, উদ্যোগৰ সম্প্ৰসাৰণ, কৃষিভূমি উন্নতিকৰণ, বৈজ্ঞানিক পদ্ধতিত কৃষিত উন্নতিকৰণ আদিৰ জৰিয়তে কর্মস্থানৰ নতুনত্ব। আহিব আৰু নতুন কর্মপ্রাপ্তিৰ সূচনা ঘটিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ কৃষি বিভাগ, চিকিৎসা, সামৰিক বিভাগ, জনস্বাস্থ্য ও কাৰিকৰী, ট্ৰেজাৰী, জেল, পুথিভঁড়াল, উদ্যোগিক প্রতিষ্ঠান আদিত কৰ্মপ্ৰাপ।


কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ কৰ্মপতি গ্ৰহটো হ’ল মঙ্গল। বর্ষাৰম্ভ কালত মঙ্গল কুম্ভ ৰাশিত অৱস্থান কৰাত কর্মস্থান তথা চাকৰিত অশুভ প্রভাৱ পেলাইছে। বিভিন্ন ক্ষেত্ৰত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব যদিও ১৫ জেঠৰ পৰা কৰ্মস্থান তথা চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত শুভ সময় আহিব। এই সময়ছোৱাত শিল, বালি, চিমেন্ট, ৰড, কয়লা, থিয়েটাৰ আদি ব্যৱসায়ৰ জৰিয়তে নিজৰ নিজৰ কৰ্মপ্ৰাপ্তি ঘটি প্ৰচুৰ অৰ্থবান হ’ব পাৰিব। সামৰিক বিভাগ, চিকিৎসা বিভাগ, ডাক বিভাগ, ৰেল বিভাগ, বিভিন্ন উদ্যোগ আদিত কুম্ভ ৰাশিৰ যুৱক-যুৱতীৰ কৰ্মপ্ৰাপ্তিৰ (চাকৰিৰ) প্ৰচুৰ সম্ভাৱনা আছে। ১৩ মাঘৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান তথা চাকৰিৰ ক্ষেত্ৰত অশুভ হ’লেও ২০ ফাগুনৰ পৰা পুনৰ শুভ সময় আহিব।

মীন ৰাশিঃ মীন ৰাশিৰ ব্যক্তিৰ বাবে কর্মপতি গ্রহটো হ’ল বৃহস্পতি। বৰ্ষাৰম্ভ কালত বৃহস্পতি ধনস্থানত থকাত কৰ্মস্থান তথা চাকৰিৰ বাবে অতি শুভ হৈছে। এই বছৰৰ আৰম্ভণিত মীন ৰাশিৰ নিবনুৱা ব্যক্তিসকলৰ বাবে মঙ্গলজনক খবৰ। মীন ৰাশিৰ শিক্ষিত যুৱক- যুৱতীসকলে কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। বেংক, বিদ্যালয়, মহাবিদ্যালয়, ট্রেজাৰী, বীমা কোম্পানী, কেৰাণী, মণ্ডল, কৃষি বিভাগ আদিত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। মীন ৰাশিৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ পৰা ৰাজসাহাৰ্য লাভ কৰি নতুন নতুন ব্যবসায়, ক্ষুদ্র উদ্যোগ স্থাপন কৰিলে অতি শুভ ফল পাব। ধনস্থানত বৃহস্পতিৰ অৱস্থান হেতু মীন ৰাশিৰ জাতক-জাতিকাই সঞ্চয় কৰিব পাৰিব। ৫ জেঠৰ পৰা কৰ্মস্থান অশুভ হ’ব। ১০ আহিনৰ পৰা অশুভ প্ৰভাৱ আঁতৰি শুভ হ’ব।

Leave A Reply

Your email address will not be published.