কেঁচা জলকীয়া খালেই হ’ব পাৰে বিপদ ! জানক কিয়

0 46

কেঁচা জলকীয়াৰ বহু উপকাৰিতা থাকিলেও কিছুমান ক্ষেত্ৰত কেঁচা জলকীয়া খোৱাতো পৰিহাৰ কৰা উচিত। অন্যথা হ’ব পাৰে ভয়ংকৰ বিপদ।
সোৱাদ আৰু গোন্ধৰ লগতে কেঁচা জলকীয়াৰ যথেষ্ট গুণো আছে। এই পাচলিৰ একাধিক গুণাগুণ আছে। ভিটামিন চি আৰু এন্টিঅক্সিডেণ্টেৰে ভৰপূৰ কেঁচা জলকীয়াৰ উপকাৰিতাও বহুত।

কিন্তু কেঁচা জলকীয়াৰ বহু উপকাৰিতা থাকিলেও কিছুমান ক্ষেত্ৰত আছে অপকাৰিতাও। কেঁচা জলকীয়া বেছিকৈ খালে পেটত সংক্ৰমণ হ’ব পাৰে। ছালতো বিভিন্ন ধৰণৰ সংক্ৰমণ দেখা যায়। ইয়াৰ ক্ষতিকাৰক দিশবোৰ শৰীৰৰ পৰা আঁতৰাই দিয়াতো কঠিন হৈ পৰে। দীৰ্ঘদিন ধৰি কেঁচা জলকীয়া খালে পাকস্থলী, যকৃৎ আৰু বৃক্কৰ ক্ষতি হ’ব পাৰে। অতিৰিক্ত জটিলতাত মস্তিস্কৰ জটিলতাও ক্ষতিগ্ৰস্ত হ’ব পাৰে।

শিশু, অন্তুঃসত্বা অথবা সদ্য মাতৃত্ব লাভ কৰা মাতৃ, যিয়ে শিশুক দুগ্ধপান কৰায়, তেওঁলোকে খাদ্য তালিকাত কেঁচা জলকীয়া বৰ্জন কৰাই ভাল। বয়সস্থ লোকেও পৰিমিত পৰিমাণৰ কেঁচা জলকীয়া গ্ৰহণ কৰাতো ভাল।

ডায়েবেটিছ ৰোগীসকলে কেঁচা জলকীয়া কম পৰিমাণেহে খাব লাগে। কিয়নো ইয়াৰ ফলত শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰা নিম্নগামী হ’ব পাৰে। কেঁচা জলকীয়াই কোষ্ঠকাঠিন্য বা পাইলচৰ সমস্যাও বৃদ্ধি কৰিব পাৰে। সেইক্ষেত্ৰতো কেঁচা জলকীয়া জ্বলা পৰিহাৰ কৰা উচিত।

Leave A Reply

Your email address will not be published.