বি জে পি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক-কৃষকৰ ৰাজ্যজোৰা প্ৰবল প্ৰতিবাদদহ সহস্ৰাধিক শ্ৰমিক-কৃষকে উত্তাল কৰিলে গুৱাহাটী

0 6,822

বি জে পি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক-কৃষকৰ ৰাজ্যজোৰা প্ৰবল প্ৰতিবাদ
দহ সহস্ৰাধিক শ্ৰমিক-কৃষকে উত্তাল কৰিলে গুৱাহাটী

২৬ নৱেম্বৰ, গুৱাহাটীঃ ঐতিহাসিক কৃষক আন্দোলনৰ সময়ত স্বাক্ষৰিত চুক্তিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ বিশ্বাসঘাতকতা আৰু সৰ্বভাৰতীয় শ্ৰমিক ধৰ্মঘটৰ দুবছৰৰ পিছতো দাবীসমূহৰ প্ৰতি অৱজ্ঞা কৰি অহাৰ প্ৰতিবাদত দেশৰ আন সকলো ৰাজ্যৰ ৰাজধানীৰ লগতে গুৱাহাটীতো আজি শ্ৰমিক, কৃষক সংগঠনসমূহ আৰু কৰ্মচাৰী ফেডাৰেছনৰ যৌথ মঞ্চই পানবজাৰৰ মেঘদূত ভৱনৰ সন্মূখত সমৱেত হয়। আই এন টি ইউ চি, চি আই টি ইউ, এ আই টি ইউ চি, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, টি ইউ চি চি, এইছ এম এছ, অসম ৰাজ্যিক কৃষক সভা, এ আই কে এছ, অসম কৃষি শ্ৰমিক ইউনিয়ন, এ আই কে কে এম এছ, সদৌ অসম খেতিয়ক সন্থা আৰু জনজাতি অধিকাৰ মঞ্চৰ যৌথ উদ্যোগত আয়োজিত ৰাজভৱন অভিযান উপলক্ষে মেঘদূত ভৱনৰ সন্মূখত দহসহস্ৰাধিক লোক সমৱেত হয়। সমাৱেশথলীত তপন শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত এখন চমু সভাত টিকেন দাস, ৰমেন দাস, হিৰণ্য বৰা, ধীৰাজ দাস, ৰাতুল বৰা, আব্দুল হামিদ, আশীষ বিশ্বাস, শতঞ্জীৱ দাস, ইন্দিৰা নেৱাৰ, মমতা তালুকদাৰ, মিনাৰা বেগমে ভাষণ আগবঢ়ায়। ভাষণ প্ৰসঙ্গত বক্তাসকলে বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী, কৰ্প’ৰেট স্বাৰ্থ ৰক্ষাকাৰী নীতি পৰিৱৰ্তনৰ দাবী জনায়। বক্তাসকলে কয় যে চৰকাৰৰ স্বঘোষিত ‘অমৃত’কালত দেশৰ সংবিধান তথা গণতন্ত্ৰ আজি বিপদাপন্ন। শ্ৰমিকৰ বহু কষ্টপাৰ্জিত অধিকাৰসমূহ কাঢ়ি নি চাৰি সংহিতাৰ নামত মালিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰিছে। দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনত কেন্দ্ৰীয় চৰকাৰে কৃষক নেতৃত্বৰে স্বাক্ষৰিত চুক্তিৰ অন্যতম চৰ্ত অনুসৰি ন্যুনতম সহায়ক মূল্য নিশ্চিতকৰণৰ বাবে আজিলৈকে কোনো কমিটি গঠন নকৰিলে। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কেন্দ্ৰীয় চৰকাৰৰ পুত্ৰই আন্দোলনকাৰী কৃষকৰ গাৰ ওপৰেদি গাড়ী চলাই কেবাজনো কৃষকক হত্যা কৰা ঘটনাৰ কোনো বিচাৰ নহ’ল। অসমত চৰকাৰী তথ্যমতেই আজি ১৭ লাখ নিবনুৱাই ভিৰ কৰিছে। লক্ষ লক্ষ শ্ৰমিক আজি আইনগতভাৱে প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত। অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মচাৰীসহ প্ৰায় তিনি লাখ মহিলা কৰ্মচাৰীয়ে অসমত বৰ্তমানেও কোনো মজুৰী নাপায়। অসমৰ ১২ লাখ চাহ শ্ৰমিকে আইন অনুসৰি পাব লগা মজুৰীৰ পৰা বঞ্চিত হৈ আছে। বক্তাসকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন উভয় চৰকাৰক জনবিৰোধী চৰকাৰ আখ্যা দিয়ে আৰু অহা ২০২৪ ৰ সাধাৰণ নিৰ্বাচনত এই জনবিৰোধী, শ্ৰমিক-কৃষক-কৰ্মচাৰী বিৰোধী চৰকাৰক বিদায় দিবলৈ জনসাধাৰণলৈ আহ্বান জনায়। ৰাজভৱন অভিযানক বাধা দিয়াৰ উদ্দেশ্যে ৰাজ্য আৰু জিলা প্ৰশাসনে মেঘদূত ভৱনৰ সন্মূখত ব্যাপক প্ৰস্তুতি চলায় আৰু বিশাল সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে সমাৱেশথলী ঘেৰি ধৰে। সমাৱেশস্থলীৰ শ্ৰমিক-কৃষকৰ উত্তাল প্ৰতিবাদৰ পিছত বাধ্য হৈ ৰাজ্যপালৰ বিশেষ কৰ্তব্যৰত বিষয়া, নিৰাপত্তা বিষয়া, জিলা প্ৰশাসন বিষয়া সমৱেতথলীত উপস্থিত হয় আৰু আন্দোলনকাৰী নেতৃত্বৰ পৰা ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব লগীয়া স্মাৰক পত্ৰখন গ্ৰহণ কৰে। আটাইকেইটা সংগঠনৰ নেতৃত্বই স্বাক্ষৰ কৰা স্মাৰক পত্ৰত কৃষকৰ উৎপাদিত সামগ্ৰীৰ ন্যুনতম সমৰ্থন মূল্য আদায় দিয়াটো নিশ্চিত কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিকৰ ন্যুনতম মজুৰি মাহিলী ২৬,০০০ টকা ধাৰ্য আদায় দিয়া, চাহশ্ৰমিকক দৈনিক মজুৰি ৬৬১ টকা আদায় দিয়া, আঁচনিভূক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি উপযুক্ত মজুৰি প্ৰদান কৰা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপলাইন বাতিল কৰা, দেশৰ অতি ধনী সকলৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা, কৃষি-শিক্ষা-স্বাস্থ্য শিতানত চৰকাৰী ব্যয় বৃদ্ধি কৰা, অসমত আৰোপ কৰা সভা-সমিতিৰ অনুমতি মাচুল প্ৰত্যাহাৰ কৰা আৰু এন পি এচ বাতিল কৰি ও পি এচ পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰা হয়।
স্মাৰকপত্ৰ প্ৰদানৰ পিছত বিভিন্ন শ্লোগানেৰে সমাৱেশথলী উত্তাল হৈ উঠে। শ্ৰমিক নেতা তপন শৰ্মাই পৰৱৰ্তী সময়ত অধিক শক্তিশালী আন্দোলন গঢ়ি তোলা, আজি উত্থাপন কৰা দাবী সমূহ অহা ডিচেম্বৰৰ ভিতৰত পূৰণ নহ’লে ২০২৪ চনৰ জানুৱাৰীত দিছপুৰ অভিযানৰ বাবে প্ৰস্তুত থাকিবলৈ আহবান জনায়।
আনহাতে, গুৱাহাটীকে ধৰি দেশৰ প্ৰায় সকলো ৰাজ্যৰ ৰাজধানীত অনুষ্ঠিত ৰাজভৱন অভিযানৰ সমৰ্থনত আজি অসমৰ ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱকে ধৰি চাৰি ঠাইত বৃহৎ সমাৱেশ অনুষ্ঠিত হয়। আটাইবোৰ সমাৱেশত হাজাৰ হাজাৰ শ্ৰমিক-কৃষক-কৰ্মাচাৰীয়ে অংশগ্ৰহণ কৰে আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
প্ৰেৰক –
কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কিষান মৰ্চা, অসমৰ হৈ
প্ৰতুল বৰ্মন
মোবাইলঃ ৯৮৬৪৫ ৬৮৪০৫

Leave A Reply

Your email address will not be published.