বিশ্বৰ আটাইতকৈ বৃদ্ধ ব্যক্তিজনঃ দীৰ্ঘদিন জীয়াই থকাৰ ৰহস্য কি ?

0 39

শেহতীয়াকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে ইংলেণ্ডৰ জন আলফ্ৰেড টিনিছউডক বিশ্বৰ আটাইতকৈ বৃদ্ধ তথা বয়সস্থ ব্যক্তি হিচাপে স্বীকৃতি দিছে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ আৰ্মি পে কৰ্পছত সেৱা আগবঢ়োৱা ১৯১২ চনত ২৬ আগষ্টত লিভাৰপুলত জন্মগ্ৰহণ কৰিছিল জন আলফ্ৰেড টিনিছউডে। নিজৰ ভাগ্যৰ বাবে দীৰ্ঘদিন জীয়াই থকা বুলি উল্লেখ কৰে ১১১ বছৰীয়া টিনিছউডে। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ব্যক্তিৰ স্বীকৃতি প্ৰদান কৰা হয় জন আলফ্ৰেড টিনিছউডক।

পিছে ইমান দিন জীয়াই থকাৰ ৰহস্য কি ?

জন আলফ্ৰেড টিনিছউডৰ মতে ভাগ্য, সংযম আৰু প্ৰতি শুকুৰবাৰে মাছ আৰু চিপছ ইয়াৰ অন্যতম কাৰণ । তেওঁ কেতিয়াও ধূমপান কৰা নাই । সপ্তাহত এবাৰ নিশাৰ আহাৰত মাছ আৰু চিপছ গ্ৰহণ কৰাৰ বাহিৰে তেওঁ আৰু কোনো বিশেষ আহাৰ গ্ৰহণ নকৰে ।

উল্লেখ্যযোগ্য,  এই মাহত ১১৪ বছৰ বয়সত ভেনিজুৱেলাৰ আটাইতকৈ বয়সস্থ জুয়ান ভিচেণ্ট পেৰেজৰ মৃত্যু হয় । পৰৱৰ্তী দীৰ্ঘম্যাদী জাপানৰ গিচাবুৰো চোনোবেৰ ৩১ মাৰ্চত ১১২ বছৰ বয়সত মৃত্যু হৈছিল ।

Leave A Reply

Your email address will not be published.