আজি বিশ্ব স্বাস্থ্য দিৱস

0 29

আজি বিশ্ব স্বাস্থ্য দিৱস। স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস বিশ্বজুৰি পালন কৰে।

এইবছৰৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু হৈছে ” মোৰ স্বাস্থ্য, মোৰ অধিকাৰ” (My Health, my right)।

১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ইয়াৰ গঠন কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থায়ে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়।

সমগ্ৰ বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহৰ সজাগতা আৰু উপযুক্ত কৃতপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাই দিৱসৰ অন্যতম উদ্দেশ্য।

Leave A Reply

Your email address will not be published.