লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

0 43

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। ১৯৯৭ চনৰ অস্ত্ৰআইনৰ অধীনত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে। গোৱালিয়ৰ আদালতে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। মধ্যপ্ৰদেশত ইন্দৰগঞ্জ থানাত ৰুজু হৈছিল এই গোচৰ। লালু প্ৰসাদ যাদৱসহ ২৩ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে। ১৯৯৫-৯৭ চনৰ ভিতৰত অবৈধভাৱে অস্ত্ৰ ক্ৰয় কৰাৰ গোচৰত অভিযুক্ত বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ।

এই গোচৰটো ১৯৯৫ চনৰ আৰু ১৯৯৭ চনৰ। ১৬ নং প্ৰপত্ৰৰ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি এজন অস্ত্ৰ ব্যৱসায়ীৰ পৰা ক্ৰয় কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ। এই অস্ত্ৰসমূহ বিভিন্ন স্থানত যোগান ধৰা হৈছিল। ভুৱা তথ্য প্ৰদান কৰি অস্ত্ৰ ক্ৰয় কৰাৰ অভিযোগ লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে। লালু প্ৰসাদ যাদৱৰ হৈ আদালতত কোনো উপস্থিত নোহোৱাৰ বাবে পলাতক ঘোষণা কৰিছিল আদালতে।

Leave A Reply

Your email address will not be published.