আজি IPLত RCB VS RR, খেলপথাৰত নামিব ৰিয়ান-বিৰাট

0 48

আজি IPLত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংলাগলুৰু। IPLৰ ১৯নম্বৰ মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংলাগলুৰু। এইবাৰৰ IPL এতিয়ালৈকে অপৰাজিত হৈ আছে ৰাজস্থান ৰয়েলছ। আনহাতে চাৰিখন মেচ খেলি মাত্ৰ এখন মেচত জয়ী হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ হৈ বৰ্তমানলৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে অসম সন্তান ৰিয়ান পৰাগ। দুটাকৈ অৰ্ধশতকেৰে ৩খন মেচত ১৮১ ৰাণ সংগ্ৰহ কৰিছে ৰিয়ান পৰাগে। আনহাতে বিৰাট কোহলীৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। বৰ্তমানলৈ বিৰাট কোহলীয়ে দুটা অৰ্ধ শতকেৰে ২০৩ ৰাণ সংগ্ৰহ কৰিছে। জয়পুৰৰ স্বৱাই মানসিং ষ্টেডিয়ামত সন্ধিয়া ৭ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ’ব খেল।

IPLৰ অৰেঞ্জ কেপৰ দৌৰত প্ৰথম স্থানত আছে বিৰাট কোহলী আনহাতে দ্বিতীয় স্থানত আছে অসম সন্তান ৰিয়ান পৰাগ।

Leave A Reply

Your email address will not be published.