লামডিঙত কাৰ্বি আংলঙৰ পৰা অবৈধভাবে শিল কঢ়িওৱা ডাম্পাৰ জব্দ

0 5,723

দৈনিক কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ পৰা লামডিং হৈ চালানবিহীনভাৱে ডিফুলৈ গৈ আছে ডাম্পাৰে ডাম্পাৰে এনে শিল। বন বিভাগৰ নাকৰ তলতেই চালানবিহীনভাৱে চলি থকা এই অবৈধ বেহাৰ ওপত কাৰ আশীৰ্বাদ আছে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।লামডিং বন বিভাগৰ অভিযানত চালান বিহীন শিলগুটি কঢ়িওৱা এখন ডাম্পাৰ জব্দ কৰাৰ পাছতে এই বিষয়ে পোহৰলৈ আহিছে। উল্লেখ্য যে, লামডিং আঞ্চলিক বন বিভাগে লামডিং-ডিফু পথত অভিযান চলাই এখন শিলগুটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰিছে।

ডাম্পাৰখনৰ নম্বৰ এ এছ ০৯ বিচি ২৬৫৮। জব্দকৃত ডাম্পাৰখন লামডিং আঞ্চলিক বন বিভাগৰ অধীনত থকা বিট অফিচত ৰখা হৈছে। বন বিভাগে জনোৱা মতে জব্দকৃত ডাম্পাৰখনত প্ৰয়জোনীয় কোনোধৰণৰ নথিপত্ৰ নাছিল। আনহাতে অভিযানৰ সময়ত আন এখন এনে অবৈধ শিল কঢ়িওৱা ডাম্পাৰ পলায়ন কৰে।

Leave A Reply

Your email address will not be published.