বিজেপি মিত্ৰদলৰ টিকট লাভ দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী ৰাঘৱ ৰেড্ডীৰ পিতৃ মগুন্ঠা এচ ৰেড্ডীৰ

0 3,495

বিজেপি মিত্ৰদলৰ টিকট লাভ দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী ৰাঘৱ ৰেড্ডীৰ পিতৃ মগুন্ঠা এচ ৰেড্ডীৰ

বিজেপিৰ আবকাৰী নীতিৰ সৈতে দক্ষিণ ভাৰতৰ সুৰা মাফিয়াৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ অভিযোগ আপৰ

গুৱাহাটী, ৩০ মাৰ্চ- দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী ৰাঘৱ ৰেড্ডীৰ পিতৃ মাগুন্ঠা এচ ৰেড্ডীয়ে লাভ কৰিলে বিজেপিৰ মিত্ৰদল টেলেগু দেশম পাৰ্টীৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব। বিজেপি চৰকাৰৰ আবকাৰী নীতিৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হয় আপ, অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা। গুৱাহাটীৰ গণেশগুৰিস্থিত আপ, অসমৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত অনুৰূপা ডেকাৰজাই বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনি কয় যে দক্ষিণ ভাৰতৰ সুৰা মাফিয়াসকলৰ সৈতে বিজেপিৰ এক দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। ই ডি-য়ে ৰাঘৱ ৰেড্ডী আৰু তেওঁৰ পিতৃ মাগুন্ঠা এচ ৰেড্ডীৰ সাক্ষীৰ ওপৰত ভিত্তি কৰিয়েই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। এইসম্পৰ্কে অধিক মন্তব্য কৰি অনুৰূপা ডেকাৰজাই উল্লেখ কৰে যে ৰেড্ডী পৰিয়ালে তেওঁলোকৰ ন্যাসৰ নামত এখন আশ্ৰম খুলিবলৈ মাটি বিচাৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাত্‍ কৰিছিল। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেই সন্দৰ্ভত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতেই ই ডিয়ে ৰেড্ডীৰ ঘৰত তালাচী চলায়। তালাচীৰ পাছত আদালতৰ সমুখতো প্ৰথমাৱস্থাত ৰেড্ডীয়ে কেজৰিৱালৰ সৈতে সুৰা নীতিৰ সৈতে জড়িত ধনৰ লেনদেন কৰাৰ কথাটোক অস্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ পাছতেই ই ডিয়ে ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰে আৰু পাঁচ মাহ কাৰাগাৰত থকাৰ পাছত মাগুন্ঠা এচ ৰেড্ডীয়ে তেওঁৰ শপতনামা সলনি কৰি দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে অৰবিন্দ কেজৰিৱালক সংযোগ কৰি দিয়ে। ইয়াৰ পাছতেই ৰাঘৱ ৰেড্ডীয়ে জামিন লাভ কৰে আৰু ৩ অক্টোবৰ, ২০২৩ তাৰিখে তেওঁক ৰাজসাক্ষী হিচাপে গ্ৰহণ কৰা হয়। অনুৰূপা ডেকাৰজাই বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে এইদৰেই বিজেপি চৰকাৰে দুৰ্নীতিকাৰীসকলক সুৰক্ষা দি আহিছে আৰু সততাৰ পথত থকাসকলক মানসিক-শাৰীৰিক হাৰাশাস্তি দি আহিছে। সংবাদমেলখনত উপস্থিত থাকি আপ, অসমৰ আন এগৰাকী মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পলে কয় – ‘ই ডিয়ে কোনো কাৰণ নজনোৱাকৈ দিল্লীৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলটৰ বিৰুদ্ধেও চমন জাৰি কৰিছে। এয়া আম আদমি পাৰ্টীৰ সততা আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰতি বিজেপি চৰকাৰৰ ভয়ৰ প্ৰতিফলন বুলি উল্লেখ কৰে আপৰ দুয়োগৰাকী মুখপাত্ৰই।

Leave A Reply

Your email address will not be published.