দক্ষিণ কামৰূপৰ সোণতলীত পৰা সন্ধানহীন ছুফিয়া খাতুন

0 386

দক্ষিণ কামৰূপৰ সোণতলীত মহিলা সন্ধানহীন

নিজগৃহৰ পৰাই নিৰুদ্দেশ হৈছে বৃদ্ধা এগৰাকী৷

সোণতলীৰ বৰ আৰিকাটি গাঁৱৰ ছফিকুল ইছলামৰ মাতৃ ছুফিয়া খাতুন (৮০) নামৰ বৃদ্ধা মহিলাগৰাকী ১৬ মাৰ্চৰ পুৱা প্ৰায় ৯ বজাত নিজগৃহৰ পৰা ওলাই যোৱাৰ পৰাই সন্ধানহীন হয়৷

ইপিনে, পৰিয়ালৰ লোকে বৃদ্ধা গৰাকীক ঘৰত দেখা নাপাই বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই৷

প্ৰায় পাঁচ ফুট উচ্চতাৰ বৃদ্ধাগৰাকী নিৰুদ্দেশৰ সময়ত ক’লা ৰঙৰ শাৰী পৰিধান কৰিছিল৷

নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷

কোনো সচেতন ব্যক্তিয়ে বৃদ্ধা গৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানা নতুবা ৮৬৩৮৩-৪৫৮৫৩ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷

Leave A Reply

Your email address will not be published.