দৌল উৎসৱৰ দিনাই মহাকাল মন্দিৰৰ গৰ্ভগৃহত ভয়ংকৰ অগ্নিকাণ্ড ! ভস্ম আৰতিত পুৰোহিতসহ ১৩ জন লোক অগ্নিদগ্ধ

0 47

সোমবাৰে দৌল উৎসৱৰ দিনাই মধ্য প্ৰদেশৰ উজ্জয়নৰ মহাকাল মন্দিৰত ভস্ম আৰতিৰ সময়তে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এজন পুৰোহিতসহ ১৩ জন লোক অগ্নিদগ্ধ হয়। ভস্ম আৰতিৰ সময়ছোৱাত আবিৰ-গুলাল প্ৰয়োগ কৰা হৈছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতেই লগে লগে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু এইমুহূৰ্তত চিকিৎসাধীন হৈ আছে লোককেইজন। অৱশ্যে অগ্নিকাণ্ডটো সঠিক সময়ত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে দেশৰ অন্যতম জ্য়োতিৰ্লিংগ মহাকালেশ্বৰৰ প্ৰাঙ্গনত দেওবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছিল হোলী উৎসৱ। ইয়াত প্ৰথমে সন্ধিয়া আৰতিৰ সময়ত বাবা মহাকালৰ লগত সহস্ৰাধিক ভক্তই গুলালৰ সৈতে হোলী খেলিছিল। ইয়াৰ পিছত মহাকাল প্ৰাঙ্গনত হোলিকা দহন কৰা হ’ল।

Leave A Reply

Your email address will not be published.