অসমত কোন সমষ্টিত কেতিয়া হ’ব লোকসভা নিৰ্বাচন?

0 533

শনিবাৰে নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে ঘোষণা কৰিলে দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন।দেশৰ ৰাজ্যৰ দৰে ব’হাগ বিহুৰ পিছতে অসমত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত অসমত নিৰ্বাচন।

অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। অসমৰ ৫টা সমষ্টিত হ’ব প্ৰথম পৰ্যায়ত নিৰ্বাচন। সমষ্টিকেইটা হ’ল শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, লখিমপুৰ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব । ডিফু, নগাঁও, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

আনহাতে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব। ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

২০২৪ৰ লোকসভা নিৰ্বাচন দেশত ৭টা পৰ্যায়ত হ’ব । ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। ১৩ মে’ত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৬ মে’ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ জুনত।

Leave A Reply

Your email address will not be published.