অৱশেষত সুৰা নীতি গোচৰত জামিন লাভ অৰবিন্দ কেজৰিৱালৰ

0 26

আবকাৰী কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিলে আদালতে। অৱশেষত আবকাৰী নীতি গোচৰত জামিন লাভ কৰে অৰবিন্দ কেজৰিৱালে ।

বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে ১৬ মাৰ্চত কেজৰিৱালক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই নিৰ্দেশ অনুসৰিয়েই তেওঁ শনিবাৰে পুৱা আদালতত হাজিৰ হয়।ৰাউজ এভিনিউ আদালতৰ এচিএমএমে ১৫,০০০ টকাৰ জামিন বণ্ড আৰু ১ লাখ টকাৰ আমানতত আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীক জামিন প্ৰদান কৰে।

ইডিয়ে কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল।  ইডিয়ে দণ্ডাধীশ আদালতত দুটা অভিযোগ দাখিল কৰিছিল । গোচৰটোত তেওঁক জাৰি কৰা একাধিক চমন এৰাই যোৱাৰ বাবে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ তৰিব বিচাৰিছিল ।

ইডিয়ে ইয়াৰ পূৰ্বে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ তৰিবলৈ দণ্ডাধীশ আদালতত আবেদন কৰিছিল । কেজৰিৱাললৈ আবকাৰী কেলেংকাৰীৰ বাবে ইডিয়ে জাৰি কৰা পঞ্চমখন চমন অগ্ৰাহ্য কৰাৰ পিছতো আদালতৰ কাষ চাপিছিল তদন্তকাৰী সংস্থাটো।

অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল শনিবাৰে আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত ৰাউজ এভিনিউ আদালতত হাজিৰ হয় । পৰৱৰ্তী সময়ত ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে ।

Leave A Reply

Your email address will not be published.