গুৱাহাটীৰ শান্তিপুৰত আৰক্ষীৰ প্ৰহাৰত নাক ভাঙিল ব্যৱসায়ীৰ

0 4,485

আৰক্ষীৰ প্ৰহাৰত নাক ভাঙিল ব্যৱসায়ীৰ। গুৱাহাটীৰ শান্তিপুৰত চাঞ্চল্যকৰ কাণ্ড কৰিলে আৰক্ষীয়ে। কেৱল এয়ায়েই নহয় ব্যৱসায়ীক হত্যাৰো ভাবুকি দিছে অভিযুক্ত আৰক্ষীজনে। চানমাৰী থানাৰ যান-বাহন শাখাৰ কনিষ্টবল নাগেশ্বৰ চৌধুৰীৰ বিৰুদ্ধে উঠিছে চাঞ্চল্যকৰ অভিযোগ৷ দীৰ্ঘদিনৰ পৰা ব্যৱসায়ী ৰাকেশ শৰ্মাক হাৰাশাস্তি চলাই অহাৰ অভিযোগ কনিষ্টবল নাগেশ্বৰ চৌধুৰীৰ বিৰুদ্ধে। লক্ষ্মী মটৰচ নামৰ গেৰেজখন অবৈধ দখলৰ চেষ্টাৰ অভিযোগ কনিষ্টবল নাগেশ্বৰ চৌধুৰীৰ বিৰুদ্ধে। ক্ষমতাৰ অপব্যৱহাৰ কৰি গুণ্ডাগিৰী নাগেশ্বৰ চৌধুৰীৰ বিৰুদ্ধে।

Leave A Reply

Your email address will not be published.