নিৰ্বাচনৰ পূৰ্বে দেশজুৰি বলৱৎ হ’ল CAA

0 38

লেকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন অৰ্থ্যাত CAA । কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিলে অধিসূচনা। ২০১৯ চনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন।

এতিয়াৰে পৰা ভাৰতত ৩খন দেশৰ শৰণাৰ্থীয়ে পাব নাগৰিকত্ব। ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকে লাভ কৰিব নাগৰিকত্ব। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান আৰু পাৰ্চী লোকে ভাৰতত লাভ কৰিব নাগৰিকত্ব। ভাৰতলৈ শৰণাৰ্থী হিচাপে আহিলে তেনে লোকে পাব নাগৰিকত্বতথাপিও ২০১৪ৰ ৩১ ডিচেম্বৰৰ পাছত অহা লোকে নাপাব এই নাগৰিকত্বৰ সুবিধা।

ইতিমধ্যে ভাৰতত শৰণাৰ্থী হিচাপে থকাসকলেও লাভ কৰিব নাগৰিকত্ব। নাগৰিকত্বৰ বাবে এটি প’ৰ্টেলত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে তৈয়াৰ কৰা হ’ব এটা পৃথক প’ৰ্টেল। নাগৰিকত্ব বিচৰাসকলে অনলাইনযোগে জনাব পাৰিব নাগৰিকত্বৰ আবেদন।

Leave A Reply

Your email address will not be published.