আজি মহাশিৱৰাত্ৰিঃ ৰাজ্যজুৰি পূজা-অৰ্চনা শিৱ ভক্তৰ

0 38

আজি মহাশিৱৰাত্ৰি। ৰাজ্যজুৰি দেৱাদিদেৱক আৰাধনা শিৱ ভক্তৰ। বিভিন্ন কাৰ্যসূচীৰে আজি সমগ্ৰ দেশতে উদযাপন হ’ব শিৱৰাত্ৰি।

মহা শিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা উদযাপন কৰা হয়। মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰত ভিৰ কৰিছে ভক্তই। আজিৰ দিনটোত শিৱ পৰিয়ালৰ উপাসনা গোটেই দিনে নিশাই পূজা–অৰ্চনা কৰা হয়। বিশ্বাস অনুসৰি, মহা শিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়।

Leave A Reply

Your email address will not be published.