শুক্ৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কি কি কাৰ্যসূচী থাকিব মোদীৰ?

0 229

শুক্ৰবাৰে অসম তথা উত্তৰ-পূবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমত উপস্থিত হব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক সংবাদমেল। সংবাদমেলত মোদীৰ ভ্ৰমণৰ সবিশেষ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে জনায় যে, কাইলৈ বিয়লি ৪ বজাত তেজপুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। শনিবাৰে পুৱা মোদীয়ে ভ্ৰমণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শনিবাৰে পুৱাই অৰুণাচললৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। অৰুণাচলত দুখন সভাত অংশগ্ৰহণ কৰিব। শনিবাৰে বিয়লি পুনৰ উপস্থিত হ’ব যোৰহাটত।

যোৰহাটত উপস্থিত হোৱাৰ পিছত সন্ধিয়া লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মুকলি কৰিব মোদীয়ে। বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ উচ্চতা ৮৪ ফুট আৰু ৪১ ফুট জুৰি হয় প্ৰতিমূৰ্তিটোৰ ভৰি। লগতে মেলেং-মেটেলি পথাৰত বহুকেইটা আঁচনিও মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। একেলগে উদ্বোধন কৰিব ৫,৫৫,৫৫৫টা চৰকাৰী আঁচনিৰ ঘৰ।

তিনিচুকীয়াত নতুন মেডিকেল কলেজ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ডিগবৈ আৰু গুৱাহাটী তেল শোধনাগাৰৰ বৃহৎ প্ৰকল্পও মুকলি কৰিব লগতে বেটকুছিৰ IOC লৈ আৰ্থিক অনুদান আগবঢ়াব প্ৰধানমন্ত্ৰী মোদীয়ে।

ইয়াৰ উপৰি বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবাহী পাইপ মুকলি কৰিব মোদীয়ে। তদুপৰি ধূপধৰাৰ পৰা ছয়গাঁৱলৈ দ্বৈত ৰে’লপথৰো কৰিব শুভাৰম্ভ। নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰে’লপথ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। ১,৩২৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈছে এই দ্বৈত ৰে’লপথ। মুঠ ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব মোদীয়ে। ইয়াৰ উপৰিও ৪০ লাখ আত্মসহায়ক গোটৰ লাখপতি বাইদেউ আচনিত অন্তৰ্ভুক্ত মহিলাসকলৰ এক জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে।

Leave A Reply

Your email address will not be published.